06/08/2022 - 13:24
in
চাপৰঃ হিন্দু শাস্ত্ৰমতে সমাজৰ অপায় অমংগল দূৰ কৰাৰ বাবে মা-কালীক পূজা-অৰ্চনা কৰা হয়। এই দৃশ্য ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত শালকোচাৰ শামৰাইপাৰা পূজা থলীৰ। এই পুজাথলীত বহু বছৰ ধৰি শামৰাইপাৰাৰ নাথ-যোগী সমাজৰ ডেকা-বুঢ়া সকলোৱে মিলি ধৰ্মীয় ৰীতি-নীতিৰে বাঁহ পূজা-অৰ্চনা কৰি আহিছে। বাঁহ পূজা হ’ল শক্তি পূজাৰ এটা অংশ।
মা কালীৰ পূজা-অৰ্চনা কৰা হয়। যিহেতু আগৰ দিনত চিকিৎসক আৰু চিকিৎসালয়ৰ সংখ্যা কম আছিল সেয়ে মহামাৰীৰ পৰা হাত সাৰিবলৈ আৰু অপ-শক্তি নিবাৰণৰ বাবে এই বাঁহ পূজাটো কৰা হৈছিল বুলি জানিব দিয়ে উদ্যোগক্তা সকলে।
লগতে জানিব পৰা যায় যে সকলো দেৱ-দেৱীক বাঁহ ৰূপে পূজা-অৰ্চনা কৰা হয় আৰু প্ৰত্যকটো বাঁহৰ ওপৰত চোঁহৰ দিয়া হয়। এই প্ৰথাটো প্ৰায় ৩০০ বছৰৰ পৰা চলি আহিছে বুলি জানিবলৈ দিয়ে।