নুমলীগড়ঃ নুমলীগড়ৰ কাষৰীয়া মৰঙি মৌজাৰ ফলঙনি অঞ্চলৰ এক জনপ্ৰিয় সংস্থা-অন্তৰাৰ উদ্যোগত দক্ষিন মৰঙি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ত ৭ জুনৰ সন্ধ্যা গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ ৫৮ সংখ্যক পৱিত্ৰ মৃত্যু দিৱস উপলক্ষে গীতে-মাতে এসন্ধ্যা সুৰৰ ঝংকাৰ অনুষ্ঠান অনুষ্ঠিত কৰে স্থানীয় ৰাইজৰ সহযোগত ফলঙনি অঞ্চলৰ সমাজপ্ৰিয় ব্যক্তি-মানস শৰ্মা, বিতোপন দত্ত, দেৱজিত ৰাজবংশী, ৰুমী হাজৰিকা, মঃ আইনুৰ ৰহমান আৰু দেৱজিত ভৰালীৰ বলিষ্ঠ পদক্ষেপত।
গীতিকবিৰ প্ৰতিছৱিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কাৰ্যসুচীৰে অনুষ্ঠানটি আৰম্ভ হয়। আমন্ত্ৰিত ব্যক্তি সকলক একোটিকৈ গছপুলি উপহাৰ হিচাপে আগবঢ়াই সামাজিক সংস্থা অন্তৰাৰ সদস্যসকলে। প্ৰাংগনা কৌন্দিন্য, ডিম্পল পূজাৰী, আকাশনীল হাজৰিকা আদিৰ গীতেৰে সকলোকে আপ্লুত কৰে। প্ৰান্তিম শৰ্মা, শ্যামল কৃষ্ণ মহন্তৰ বাঁহীবাদনে অনুষ্ঠানটি অধিক জীপাল কৰি তোলে।