বিশ্ববাসীৰ বাবে আশাৰ বতৰা, সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল দুৰাৰোগ্য কেন্সাৰত আক্ৰান্ত ১৮ গৰাকী ৰোগী

 06/08/2022 - 16:42

 


নিউজ ডেস্কঃ কৰ্কট ৰোগ নিৰাময়ৰ বাবে এক আশাৰ বতৰা আহিছে বিশ্ববাসীৰ বাবে। মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা ১৮ গৰাকী ৰোগী বৰ্তমান সুস্থ হৈ উঠিছে ডাষ্টাৰ লিমব নামৰ দৰৱৰ জৰিয়তে। কেম’থেৰাপী, ৰেডিয়েশ্যন আৰু শল্য চিকিৎসাৰ দৰে বিভিন্ন চিকিৎসা প্রক্রিয়া পাৰ হৈ অহা ১৮ কৰ্কট ৰোগীৰ গাত গৱেষকক সকলে বিগত ৬ মাহ ধৰি ডাষ্টাৰ লিমব নামৰ নতুনকৈ উদ্ভাৱিত দৰৱ বিধৰ পৰীক্ষণ কৰি আহিছিল।এই পৰীক্ষাৰ পিছতে কৰ্কট ৰোগী কেইগৰাকী সুস্থ হৈ উঠা বুলি দাবী কৰা হৈছে। ৰোগীকেইজনক বিগত ছমাহ ধৰি প্রতি তিনি সপ্তাহত এবাৰকৈ এই দৰব প্ৰদান কৰা হৈছিল। ঔষধ প্রয়োগ কৰা আটাইকেই জন ৰোগীৰ কোনোজনৰে মলদ্বাৰৰ পৰা শৰীৰৰ অন্য অংগ-প্ৰত্যংগলৈ কর্কট বিয়পি যোৱা নাছিল। নিউয়ৰ্কৰ বিখ্যাত কৰ্কট ৰোগ চিকিৎসা প্রতিষ্ঠান মেম’ৰিয়েল শ্লোৱান কেটেৰিং কেন্সাৰ চেণ্টাৰৰ চিকিৎসা বিজ্ঞানী ডাঃ লুই এ ডিয়াজে দাবী কৰে যে কৰ্কটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।