অচিন ৰোগত আক্ৰান্ত কন্যাঃ দিশহাৰা পৰিয়াল

 06/10/2019 - 12:25

ৰূপহীহাটঃ এজনী কনমানি। মনীষা বৰা, বয়স পাঁচ বছৰ৷ নগাঁও জিলাৰ ৰূপহীহাটৰ লতাবুঢ়া, মাজবড়ীত ঘৰ তাইৰ৷ পাঁচ বছৰীয়া এই কনমানিজনী এতিয়া খেল ধেমালিৰ বয়সত খেলাৰ পৰিৱৰ্তে তাইক লৈ এতিয়া মাক দেউতাকে ডাক্তৰৰ ঘৰৰ পদূলিয়ে পদূলিয়ে ঘুৰিব লগাত পৰিছে৷

এক অচিন ৰোগত আক্ৰান্ত হৈছে মনীষা৷ দেউতাক অনিল বৰা আৰু মাক চুমি বৰাই শুশ্ৰুষাৰ নামত ঘৰৰ সকলো সম্পত্তি বিক্ৰী কৰি শেষ কৰিছে আনকি মাতৃয়ে একমাত্ৰ ছোৱালীজনীৰ চিকিৎসাৰ বাবে নিজৰ গহনা পৰ্যন্ত বিক্ৰী কৰিছে। একো সুফলেই লাভ কৰা নাই পৰিয়ালটোৱে ৷ নিজৰ সকলো শেষ কৰি দুৰ্ভগীয়া পৰিয়ালটিয়ে অৱশেষত স্বাস্থ্যমন্ত্ৰীক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে৷

স্বাস্থ্যমন্ত্ৰীয়ে যদিহে তেওঁলোকৰ ছোৱালীজনীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰে তেন্তে তেওঁলোকৰ ছোৱালী মনিষা নিশ্চয় সুস্থ হৈ উঠিব এয়াই আশা পিতৃ-মাতৃৰ৷ কোনো সদাশয় লোকে যদি ছোৱালীজনীৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াই তেন্তে তেওঁলোকে মাক চুমি বৰাৰ ষ্টেট বেংকৰ CIF No - 87961501702 / Account No - 34467547904 ত সাহায্য প্ৰদান কৰিব পাৰিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।