ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছ ষ্টপেজৰ দাবীত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ স্মাৰক পত্ৰ

 06/08/2022 - 17:35

 

 

 ৰঙিয়াঃ বহু আন্দোলন প্ৰতিবাদৰ মুৰত ৰঙিয়াত ৰেলডিভিচন স্থাপন হ’ল যদিও ৰে’ল বিভাগে ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছ ৰে’ল ৰখোৱাৰ ব্যৱস্থা কৰা নাই। এই সংক্ৰান্তত বিভিন্ন দল সংগঠনে বহুবাৰ ৰেল কৰ্তৃপক্ষক আবেদন কৰিছে যদিও ৰে’ল কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখি নগল। পুনৰ বুধবাৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনলে ৰঙিয়াত 12424 ৰাজধানী এক্সপ্ৰেছ ৰে’ল ৰখোৱাৰ দাবী তুলি ৰঙিয়া ৰেলুৱৈ মাণ্ডলিক প্ৰৱন্ধকক এখন মাৰক পত্ৰ প্ৰদান কৰে। ৰেলুৱৈ মাণ্ডলিক প্ৰৱন্ধক গৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত সংঙ্গদিয়ে সৰ্বভাৰতীয় মুক্তি যোদ্ধা সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপসভাপতি নৰেন্দ্ৰ শৰ্মা, ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা উপস্থিত থাকে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।