লখিমপুৰঃ আজি লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাত স্থান লাভ কৰা সাত গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই জিলা প্ৰশাসনে। আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত জিলাখনলৈ গৌৰব বুটলিবলৈ সক্ষম হোৱা সাত গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক কিতাপৰ টোপোলা আৰু পিতৃ-মাতৃক জাপি আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে, জিলা উপায়ুক্ত সুমিত সত্তাবান, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,বিধায়ক মানব ডেকা আৰু জিলাৰ উচ্চ পৰ্যায়ৰ বিষয়া বৰ্গই।
লখিমপুৰ ছেইণ্ট মেৰীজ হাইস্কুলৰ প্ৰথম স্থান অধিকাৰ কৰা-ৰক্তোৎপল শইকীয়াপঞ্চম স্থান দখল কৰা একুইট এব্বট দত্ত,দশম স্থান অধিকাৰ কৰা আয়ন মিত্ৰ, নৱম স্থান অধিকাৰ কৰা নাৰায়নপুৰ জ্ঞান জ্যোতি একাডেমী ছাত্ৰ প্ৰাৰ্থপ্ৰতিম বৰা, হাই মাদ্ৰাছাত তৃতীয় স্থান পোৱা ছাহানাজ পাৰবিন, বিহপুৰীয়াৰ লোহিত ডিক্ৰং হাইস্কুলৰ পৰা তৃতীয় স্থান পোৱা প্ৰাৰ্থ প্ৰতিম দাস আৰু বিহপুৰীয়াৰ পিঠাগুৰিস্থ জৱাহৰ জ্যোতি হাইস্কুলৰ পৰা সপ্তম স্থান লাভ কৰা শৰ্মিষ্ঠা ভাগৱতীক সম্বৰ্ধনা জ্ঞাপন কৰে। একুইট এব্বট দত্ত আৰু আয়ন মিত্ৰৰ পঢ়াৰ দায়িত্ব গ্ৰহণ কৰে লখিমপুৰৰ বিধায়ক মানব ডেকা আৰু ছাহানাজ পাৰবিনৰ পঢ়া সকলো দায়িত্ব গ্ৰহণ কৰে সাংসদ প্ৰদান বৰুৱাই।