06/09/2022 - 19:04
in
ৰঙিয়াঃ আছুৰ প্ৰক্তন সতীৰ্থ সন্মিলন সমিটি গঠনক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰাক্তন সতীৰ্থ সন্মিলনৰ মাজত চলি থকা সংঘাট বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে। আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলন গঠনৰ প্ৰক্ৰিয়া চলিথকাৰ সময়তে আছুয়ে সন্মিলন গঠনক লৈ তীব্ৰ বিৰোধিতা কৰিছে। আনকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ নাথে প্ৰাক্তন আছু সতীৰ্থ সন্মিলন সমিটিৰ মুখ্য আহ্বায়ক কমলেশ ডেকাৰ বিৰুদ্ধে এটা বৈদ্যুতিন মাধ্যমত বক্তব্যও ৰাখিছিল। ইয়াৰ পিচতে বৃহস্পতিবাৰে ৰঙিয়া প্ৰেছ ক্লাবত প্ৰাক্তন আছু সতীৰ্থ সন্মিলনীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। প্ৰাক্তন সতীৰ্থ সন্মিলনে অনুষ্ঠিত কৰা সংবাদমেল খনত সমগ্র বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সতীৰ্থ সন্মিলনৰ মুখ্য আহ্বায়ক কমলেশ ডেকাই।
অসমত আছুৰ প্ৰাক্তন সতীৰ্থ সকলৰ সুখ-দুখৰ সমভাগী হোৱা,অনগ্ৰসৰ প্ৰাক্তন সতীৰ্থ সকলক "ন্যাস" গঠনৰ জৰিয়তে সহায় কৰাৰ লক্ষ্য স্থিৰ কৰা বুলি উল্লেখ কৰে প্ৰাক্তন আছুৰ মুখ্য আহ্বায়ক গৰাকীয়ে। তেনে সময়তে যোৱা ৩১মে'ত এটা বৈদ্যতিন মাধ্যমত আছুৰ সভাপতিয়ে কা'আন্দোলনৰ সময়ত কমলেশ ডেকাক চৰকাৰৰ স্থিতিক সমৰ্থন জনাই সেই সময়ৰ মুখ্যমন্ত্ৰীক গামোচা পিন্ধোৱা বুলি মন্তব্য কৰিছিল। সভাপতি গৰাকীৰ এনে বক্তব্য সম্পূৰ্ণ ভিত্তিহীন আৰু বিভ্ৰান্তিমূলক বুলি সংবাদমেল খনত কমলেশ ডেকাই উল্লেখ কৰে।
অৰ্থৰ অভাৱত প্ৰাক্তন আছুৰ বহু কেইগৰাকী সদস্য দুৰাৰোগ্য ৰোগত আক্ৰান্ত আৰু দুখীয়া দৰিদ্ৰ সতীৰ্থ সকলৰ সহায়ৰ বাবে ২০২০ চনৰ ৪ মাৰ্চত সেইসময়ৰ মুখ্যমন্ত্ৰী গৰাকীক আছুৰ প্ৰাক্তন সতীৰ্থ সকলৰ ৪৫ জনীয়া প্ৰতিনিধি দল এটাই সাক্ষাৎ কৰি আলোচনাত মিলিত হৈছিল। সেই সময়ত কা' আন্দোলনৰ কোনো কাৰ্যসূচীয়ে নাছিল বুলি সংবাদমেল খনত উল্লেখ কৰে আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলনীৰ আহ্বায়ক গৰাকীয়ে। ইফালে প্ৰাক্তন সতীৰ্থ সন্মিলন গঠন কৰাৰ বিষয়টো নিশ্চয় আছুৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হব বুলি সংবাদমেল খনত উল্লেখ কৰে সতীৰ্থ সন্মিলনে। এই বিষয়ত আছুৰ লগত মৌখিক আলোচনা হোৱা বুলিও কমলেশ ডেকাই অবগত কৰে।