06/09/2022 - 19:46
in
ডুমডুমাঃ ৰজাঘৰৰ দায়িত্ব হ’ব লাগে যে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহৰ জয়যাত্ৰা অব্যাহত ৰাখিব লাগিব, আৰু ইয়াৰ বাবে সঠিক পৰিকল্পনাৰ প্ৰয়োজন আছে| মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমুহৰ বিদ্যায়তনিক মূল্যাংকনৰ বাবে Nation Assessment and Accreditation Commission চমুকৈ (naac) "নাক" ৰ ব্যৱস্থা আছে আৰু নাকৰ আৰ্হিত ৰাজ্যখনৰ বিদ্যালয় সমুহৰ বাবে 'বিদ্যালয় মূল্যাংকন আয়োগ' গঠন কৰাৰ প্ৰয়োজন আছে|
এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যীয়ে| হাইস্কুল শিক্ষান্ত পৰিক্ষাত চতুৰ্থ স্থান অধিকাৰ কৰা ডুমডুমাৰ ছাত্ৰী অন্বেষা বৰাক অভিনন্দন জনোৱাৰ উদ্দেশ্যে ডুমডুমাত উপস্থিত হোৱা ছাত্ৰ নেতা গৰাকীয়ে এই মন্তব্য দিয়ে| তিনিচুকীয়া জিলাৰ বিশেষকৈ চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী অধ্যয়নত চৰকাৰী বিদ্যালয় সমুহৰ ফলাফল আশানুৰূপ নোহোৱাৰ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ড০ ভট্টাচাৰ্যীয়ে বিদ্যালয় সমুহৰ শিক্ষাগত মানডণ্ড উন্নত কৰাৰ প্ৰয়োজন আছে বুলি কয়|