অভিনেতা চনু সুদৰ মহানুভৱতা

 06/10/2022 - 15:26
 
 
নিউজ ডেস্কঃ অভিনেতা চনু সুদৰ আন এক মহানুভৱতা। কিছুদিন পূৰ্বে বিহাৰৰ নৱাদা জিলাৰ এগৰাকী বিশেষভাৱে সক্ষম শিশুৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। চাৰিখন হাত আৰু ভৰিৰে জন্মগ্ৰহণ কৰা অতি দৰিদ্ৰ ঘৰৰ কন্যা শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালৰ নাছিল আৰ্থিক সক্ষমতা।
 
শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালে চৰকাৰ আৰু বিভিন্ন জনক সহায়ৰ আহ্বান জনাই আহিছিল যদিও কোনেও আগবাঢ়ি অহা নাছিল শিশুটিক সুস্থ কৰি তুলিবলৈ। কিন্তু শেষ মুহূৰ্তত ভাইৰেল ভিডিঅ’টো চকুত পৰাৰ পিছতে শিশুটি আৰু পৰিয়ালটোৰ কাষত থিয় হয় অভিনেতা চনু সুদ।
 
সোণু ছুদে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনোৱা মতে, কন্যা শিশুটিৰ চিকিৎসা আৰম্ভ হৈছে। প্ৰায় ৭ ঘণ্টা ধৰি চলা এক কঠিন অস্ত্ৰোপচাৰৰ পিছত চৌমুখীৰ অতিৰিক্ত হাত-ভৰি আঁতৰাই পেলোৱা হৈছে। কিৰণ হাস্পতালৰ চিকিৎসকে এই কঠিন অস্ত্ৰোপচাৰটো সফলতাৰে সম্পন্ন কৰি কণমানিক এক নতুন জীৱন প্ৰদান কৰিছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।