বিশ্বকাপৰ বা-বতৰা

 06/10/2019 - 13:23

ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপৰ ১৪ সংখ্যক খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰে ভাৰতে। ভাৰতে প্ৰথমে বেট ধৰি ৫০ অ’ভাৰত ৬ টা উইকেট হেৰুৱাই ৩৫২ ৰানৰ কৰিবলৈ সক্ষম হয়। আনহাতে অষ্ট্ৰেলিয়াই ৫০ অভাৰত ১০ টা উইকেট হেৰুৱাই ৩১৬ ৰানহে কৰিবলৈ সক্ষম হয়। ৩৬ ৰানৰ ব্যৱধানত জয়ী হয় কোহলি বাহিনী।

ইয়াৰ পূৰ্বে ৫ জুনত প্ৰথমখন মেচতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল ভাৰতে। অহা ১৩ জুনত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত। দেওবাৰৰ খেলখনত ভাৰতীয় বেটছমেন শিখৰ ধাৱানে ১০৯ টা বলত ১১৭ ৰান সংগ্ৰহ কৰি ‘মেন অৱ দ্য মেচ’ হয়।

 

আজি বিশ্বকাপৰ ১৫ সংখ্যক খেল ছাউথএম্পটনৰ দ্য ৰ’জ বাউলত বিয়লি ৩ বজাৰ পৰা দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।