জনপ্ৰিয় ফেশ্বন মেগাজিন ‘গ্ৰাজিয়া’ৰ প্ৰচ্ছদত অসম কন্যা লাভলীনা বৰগোঁহাইৰ ফটো

 06/10/2022 - 18:45
 
 
নিউজ ডেস্কঃ জনপ্ৰিয় ফেশ্বন মেগাজিন ‘গ্ৰাজিয়া’ৰ প্ৰচ্ছদত প্ৰকাশ পাইছে অলিম্পিকত পদকজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইৰ ফটো। সাপ্তাহিক ফেশ্বন আলোচনী ‘গ্ৰাজিয়া’ৰ প্ৰচ্ছদত লাভলীনাৰ ফটো প্ৰকাশ পোৱাৰ উপৰিও আলোচনীখনে আন্তঃৰাষ্ট্ৰীয় বক্সাৰগৰাকীৰ বাবে আগবঢ়াইছে কেইবাটাও বিশেষ পৃষ্ঠা। য’ত এডিডাছ আৰু গুচ্ছিৰ বিশেষ কষ্টিউম পৰিধান কৰিছে লাভলীনাই। গুচ্ছিৰ সঞ্চালক এলেচান্দ্র মিছেলে ডিজাইন কৰা এডিডাছ-গুচ্ছি ক্লাৱ প্রজেক্টতো অংশগ্রহণ কৰে ভাৰতীয় ক্রীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘খেলৰত্ন’ প্ৰাপক অসমকন্যা লাভলীনাই।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।