ডিজিটেল ডেস্কঃ প্ৰখ্যাত নাট্যকাৰ,অভিনেতা আৰু পৰিচালক গিৰিশ কানাৰ্ড আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বলীউডৰ অভিনেতাগৰাকী। কেইবাবাৰো হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গিৰিশ কানাৰ্ডক। বেংগাৰুলুৰ নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে চিনেমা জগতৰ পুৰোধা ব্যক্তি গিৰিশ কানাৰ্ডে। ১৯৩৮ চনৰ ১৯ মে'ত জন্ম হৈছিল গিৰীশ কানাৰ্ডৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।
১৯৯৮ চনত জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছিল বলীউডৰ অভিনেতাগৰাকী।তদুপৰি গিৰীশ কানাৰ্ডে ১০ বাৰকৈ লাভ কৰিছিল নেচনেল ফিল্ম এৱাৰ্ড। ভাৰতীয় নাট্যজগতৰ বৰ্ণাঢ্য চৰিত্ৰ আছিল কানাৰ্ড। পদ্মশ্ৰী, পদ্মভূষণকে ধৰি বহু সন্মানেৰে বিভূষিত হৈছিল কানাৰ্ড। তেওঁৰ মুক্তিপ্ৰাপ্ত অন্তিম হিন্দী চিনেমা আছিল "টাইগাৰ জিন্দা হে"।
ইয়াৰ উপৰিও বহু কানাড়া হিন্দী ছবিতো অভিনয় কৰিছিল কানাৰ্ডে। বহু কালজয়ী চিনেমা পৰিচালনা তথা অভিনয় কৰাৰ লগতে দক্ষিণ ভাৰতীয় ৰংগমঞ্চ আৰু ছবি জগতৰ পিতাৰূপে খ্যাত আছিল গিৰিশ কানাৰ্ড। তেওঁৰ মৃত্যুত বলীউডৰ লগতে কানাড়া সাংস্কৃতিক মহলত পৰিছে শোকৰ ছাঁ।