ৰঙিয়া মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী সজাগতা সভা

 06/11/2022 - 16:46
 
 
 
 
ৰঙিয়াঃ অসমত বৰ্তমান ১৫ হেজাৰ ব্যক্তি এইছআইভিত আক্ৰান্ত। ইয়াৰে অধিক ড্ৰাগছ আসক্ত ব্যক্তি। এতিয়ালৈ যিমান এইছআইভিত আক্ৰান্ত ইয়াৰে অধিক মহাবিদ্যালয় তথা স্কুলৰ ছাত্ৰ ছাত্ৰী।  ড্ৰাগছ বা মদ আমি সমনীয়াৰ বাবে সেৱন কৰিবলৈ লও। আমি যদি মন দৃহ কৰোঁ তেতিয়া হলে ইয়াৰ পৰা বাচি থাকিব পাৰো। শনিবাৰে ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমিতি আৰু ৰঙিয়া আৰক্ষীৰ। উদ্যোগত মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ড্ৰাগছ বিৰোধী সজাগতা সভাত উপস্থিত থাকি এনেদৰে কয় ৰাজ্যৰ বিশিষ্ট সমাজ কৰ্মী জাহ্নৱী বৰুৱাই।
 
 
সমাজসেৱী গৰাকীয়ে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যে কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ত অধ্যায়ন কৰি থকা অৱস্থাত যদি ড্ৰাগছ জাতীয় সামগ্ৰীক ঘৃণাৰ চকুৰে চোৱা আৰম্ভ কৰে তেতিয়া হলে সমাজত বহু পৰিমানে এনে সামগ্ৰীৰ প্ৰচলন বন্ধ কৰিব পৰা যায়। বৰ্তমান ৫৫০০ মহিলা এইছ আই ভি আক্ৰান্ত। ইয়াৰে অধিক মহিলা স্বামীৰ বাবেহে আক্ৰান্ত। বিয়াৰ পুৰ্বে স্বামী মদ বা ড্ৰাগছ সেৱন কৰা ব্যক্তি আছিল। হয়টো পৰিয়াল বা মহিলা গৰাকীয়ে স্বামীৰ বিষয়ে পূৰ্বতে নজনাকৈ বিয়া হৈছিল।
 
সেইবাবে সেইগৰাকী মহিলা এতিয়া এইছআইভিৰ দৰে ৰোগত আক্ৰান্ত হৈ থাকিব লগা হৈছে বুলি জাহ্নবী বৰুৱাই তেওঁৰ ভাষনত উল্লেখ কৰে। আমাৰ উত্তৰপূৱত যদি ড্ৰাগছ আসক্ত ১৫ জন যুৱকক আৰক্ষীয়ে আটক কৰিছে ইয়াৰে ১০ জন এইছআইভিত আক্ৰান্ত পোৱা গৈছে। গুৰুত্বপূৰ্ণ দিশ এটা আঙুলিয়াই দি সমাজ সেৱিকা গৰাকীয়ে কয় যে ড্ৰাগছ সেৱনৰ ফলত এইছ আই ভিত আক্ৰান্ত ৰোগী সকলে দিনে দিনে ভয়ানক দিশ এটাৰ ফালে গতি কৰি থাকে। অকল এইছ আইভিয়ে নহয় হেপাটাইটিচ বি আদি ৰোগত আক্ৰান্ত হয়। ল'কডাউন সময়ত গুৱাহাটীত অভাৰ ডজৰ বাবে ১০ জন যুৱকৰ মৃত্যু হৈছে বুলি সমাজ সেৱিকা গৰাকীয়ে উল্লেখ কৰে।
 
 
পূৰ্বতে ড্ৰাগছ বা অন্য নিচাজাতীয় সামগ্ৰী সমুহ মেইনমাৰ হৈ অসম প্ৰৱেশ কৰিছিল। যদিও এতিয়া মনিপুৰ আৰু নাগালেণ্ডত প্ৰস্তুত কৰে ব্ৰাউন চুগাৰ প্ৰস্তুত হয়। সেইবাবে এতিয়া অসমত এতিয়া সমাজত সহজে উপলব্ধ হোৱা বুলি জানিব দিয়ে। এই ক্ষেত্ৰত আৰক্ষীয়ে অহৰহ প্ৰচেষ্টা অব্যহত ৰাখিছে যদিও সকলোৰে সজাগতা অতি প্ৰয়োজন বুলি উল্লেখ কৰে জাহ্নৱী বৰুৱাই। ইফালে ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ড্ৰাগছ বিৰোধী সজাগতমুলক সভাখনত উপস্থিত থাকি ৰঙিয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে সকলোৰে সহযোগিতা বিচাৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।