06/11/2022 - 17:24
in
বাহাৰঘাটঃ নলবাৰী জিলাৰ শতবৰ্ষ অতিক্ৰম কৰা শিক্ষানুষ্ঠান পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবেলি কৃতিত্বৰে উত্তীৰ্ণ হোৱা একাংশ শিক্ষাৰ্থীক আজি দিনৰ বাৰ বজাত বিদ্যালয় প্ৰাংগনত সম্বৰ্ধনা জনায়৷ তদুপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শিক্ষাৰ্থী সকলক গামোছা আৰু কলমৰে শিক্ষক শিক্ষয়িত্ৰীসকলে সম্বৰ্ধনা জনাই৷
শিক্ষক পুলেন চন্দ্ৰ দাসে আতধৰা সভাখনত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাই অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক আৰ্শীবাদ প্ৰদান কৰে৷ তদুপৰি সভাত বিদ্যালয়ৰ জ্যেষ্ঠসহ শিক্ষক অনিল চন্দ্ৰ শৰ্মাই সম্বৰ্ধিত শিক্ষাৰ্থী সকলক বিভিন্ন পৰামৰ্শ আগবঢ়াই৷ সভাপতিৰ ভাষণত অধ্যক্ষ বৰুৱাই কয় যে আমাৰ মনত সকলো ছাত্ৰ-ছাত্ৰীয়ে কৃতিমান৷ আমাৰ বিদ্যালয়ৰ সম্পদ৷ তথাপিও আজি কেইগৰাকীমানক বিশেষ পাৰদৰ্শিতাৰ বাবে সম্বৰ্ধনা জনালোঁ৷
সম্বৰ্ধনা গ্ৰহণ কৰি কেইগৰাকীমান শিক্ষাৰ্থীয়ে শিক্ষক সকলৰ ত্যাগৰ শলাগ লোৱাৰ লগতে বৰ্তমান অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাই৷ সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে সহযোগ কৰে৷