06/11/2022 - 19:45
in
জামুগুৰিহাটঃ সুস্বাদু, ৰসাল আৰু আহযুক্ত তেজপুৰৰ লিচুৱে এতিয়া কেৱল ৰাজ্য বা দেশৰ বজাৰেই নহয়, বিদেশৰ বজাৰতো আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। তেজপুৰীয়া লিচু লণ্ডনলৈ ৰপ্তানি। লিচুৰ প্ৰথমটো কনচাইনমেণ্ট আজি ফ্লেগ অফ কৰি লণ্ডনলৈ পঠাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে বিশ্ব বিখ্যাত তেজপুৰৰ লিচুৰ সোৱাদ ললে স্বয়ং মুখ্যমন্ত্ৰীয়ে। এইবাৰ লিচুৰ দামো আকাশলংঘী হৈছে। এটা লিচুৰ দাম ৮০ টকা পৰ্যন্ত হৈছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে সোৱাদ লোৱা এই তেজপুৰীয়া লিচুৰ চাহিদা বৃদ্ধি পোৱাত দাম বৃদ্ধি হৈছে আৰু এতিয়া দেশ বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।