কমনৱেল্থ গেমছৰ মহিলা বক্সিং দলত বক্সাৰ লাভলীনাৰ স্থান লাভ

 06/12/2022 - 15:14
 
 
 
 
 
 
নিউজ ডেস্কঃ বক্সাৰ লাভলীনায়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেল্থ গেমছত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে। লাভলীনাই মহিলা বক্সিঙৰ ৭০ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ বাৰ্মিংহামত অনুষ্ঠিত হ’ব কমনৱেল্থ গেমছ।আজি ঘোষিত মহিলাৰ শাখাত লাভলীনা বৰগোঁহাইয়ে ৭০ কেজিত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাহিৰেও নীতুৱে ৪৮ কেজিত জেছমিনে ৬০ কেজিত আৰু নিখাত জেৰিনে কেজিত ভাগ ল’ব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।