বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

 03/14/2019 - 18:34

তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তথা নাগ্ৰীজুলি আৰক্ষী চকীৰ ১ নং দোঙাৰগাঁৱত যোৱা নিশা বন্য হস্তীৰ আক্ৰমণত এটি চাৰি বছৰীয়া কন্যা শিশুৰ মৃত্যু ঘটে। মৃত্যু হোৱা শিশুটি ৰঞ্জিত পাঠকৰ কন্যা মল্লিকা পাঠক। অঞ্চলটোত দীৰ্ঘদিনৰ পৰা চলি অহা হাতীৰ উপদ্ৰৱে অঞ্চলবাসীৰ নিদ্ৰা হৰণ কৰাৰ লগতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।

বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত দৈনিক সীমান্তৱৰ্তী গাঁৱত এতিয়া বন্য হস্তীৰ বিচৰণ চলিছে। ঘটনাৰ বিৱৰণী মতে অঞ্চলটোত লাডেন নামেৰে খ্যাত হাতী এটাই উপদ্ৰৱ চলাই অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে। হাতীটোৱে ৰঞ্জিত পাঠকৰো বাসগৃহত আক্ৰমণ চলোৱাত পৰিয়ালৰ লোকে ঘৰটোৰ পৰা পলাবলৈ চেষ্টা কৰে।

ৰঞ্জিত পাঠকৰ পত্নী লতা পাঠকে নিজৰ কন্যা সন্তান মল্লিকাক কোলাত লৈ পলাবলৈ চেষ্টা কৰে যদিও লাডেন নামৰ হাতীটোৱে মাকৰ কোলাৰ পৰা শুঁৰেৰে টানি আনি গচকি হত্যা কৰে কণমানিজনীক। ইপিনে হাতীটোৱে শিশুটিক মাকৰ কোলাৰ পৰা টানি আনি মাক লতাক খুন্দা মৰাৰ ফলত গৰ্ভৱতী মহিলাগৰাকীও আহত হয়।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী চকীৰ এটা দল উপস্থিত হয় আৰু শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।