চৰকাৰলে বাট নাচায় ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে দলং

 06/12/2022 - 17:13
 
 
 
 
টীয়কঃ যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে উন্নয়নৰ ফটা ঢোল কোবাইচে। তেজপুৰত ৫০ সংখ্যক কেবিনেট অনুষ্ঠিত কৰি কৌটি কৌটি টকাৰ বিভিন্ন অভিলাষী প্ৰকল্প গ্ৰহণ কৰাৰ কথা সদম্ভে ঘোষণা কৰিছে তেনে সময়ত ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ জাঁজীমুখত গাঠিৰ ধন ভাঙি ৰাইজে যাতায়তৰ বাবে নদীৰ ওপৰত দলং নিৰ্মাণ কৰি লবলৈ বাধ্য হৈছে। ইফালে ৰাইজে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰা দলংৰ নামত কোনো দুষ্ট চক্ৰই পুঁজি আবন্টন কৰি লুণ্ঠন চলোৱাৰ ফন্দি পতা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মনকৰিবলগীয়া যে সমষ্টিটোৰ জাঁজীমুখ কামান গাওঁৰ ৰাইজে দীৰ্ঘ দিন ধৰি খৰালি নদীৰ এৰাসূতি আৰু বাৰিষা টুলুঙা নাৱে বেজৰচিগা হাতীশাল সংযোগী পথলৈ যাতায়ত কৰিবলগীয়া হয়। গাওঁ খনৰ প্ৰায় ৬০ টা পৰিয়াল ছাত্র ছাত্ৰী, প্ৰসূতি মাতৃ, গৰ্ভৱতী মহিলা সকলে নৰীয়াত( বেমাৰ) পৰিলেও মৰণক হৰণ দি এনেদৰে পাৰাপাৰ হৈ আহিছে। ইফালে নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ হলেও ধপলিয়াব লাগে গাঁওখনৰ পৰা। সেয়েহে গাঁৱৰ ৰাইজে প্ৰতি পৰিয়ালৰ পৰা দুই এপইচাকৈ তুলি জাঁজীনদীৰ এৰাসূতিৰ ওপৰত বাঁহ আৰু কাঠৰে নিৰ্মাণ কৰি উলিয়াইছে এখন দলং। দলংখন নিৰ্মাণত বিশেষ ভাবে সহায় কৰা প্ৰবীণ পেগু, গাওঁৰ ডেকা, গাভৰু, সকলোৱে হাতে হাত ধৰি নিৰ্মাণ কৰি উলিওৱা দলংখন আজি শুভ উদ্বোধন কৰে অঞ্চলটোৰ সচেতন ব্যক্তি তথা প্ৰকৃতি প্ৰেমী ললিত টাইডে। টীয়ক আঞ্চলিক ছাত্র সন্থাৰ সভাপতি পাপু কলিতা উপস্থিত থকা আৰু সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে নামঘৰীয়া সুন্দৰ পেগুৱে। ইফালে এই দলংখনৰ বাবে পুঁজি আবন্টন কৰি এটা দুষ্ট চক্ৰই আত্মসাৎ কৰাৰ ফন্দি পতা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত সংশ্লিষ্ট সকলোকে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিছে। লক্ষণীয়যে বিজেপিৰ সাংসদ, মিত্ৰ জোঁটৰ বিধায়ক, পঞ্চায়ত থকাৰ পিছতো ৰাইজে এনেদৰে গাঠিৰ ধন ভাঙি দলং নিৰ্মাণ কৰিব লগা বিষয়টোৱে চৰকাৰখনৰ বিফলতা প্ৰতিফলন কৰা বুলি চৰ্চিত হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।