06/12/2022 - 18:26
in
খাৰুপেটীয়াঃ ছিপাঝাৰৰ উচ্ছেদিত তথা দলগাঁৱৰ শ্যামপুৰ-আৰিমাৰিত পুনৰ সংস্থাপিত পৰিয়ালৰ কণ কণ শিশুৰ বিনামূলীয়া শিক্ষাৰ বাবে ওলাই আহিল ইডুকেয়াৰ একাডেমী নামৰ এটি স্বেচ্ছাসেৱী সংগঠন। উল্লেখযোগ্য যে দৰং জিলাৰ দলগাঁৱৰ নিকটৱৰ্তী শ্যামপুৰত দেওবাৰে কেইবা শতাধিক স্থানীয় ৰাইজ তথা বিভিন্ন অঞ্চলৰ পৰা অহা শিক্ষক তথা আমন্ত্ৰিত বিশিষ্ট অতিথি সকলৰ উপস্থিতিত ইডুকেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত শ্যামপুৰত ইডুকেয়াৰ একাডেমীৰ শুভ উদ্বোধন কৰা হয়।
দলগাঁও সমষ্টিৰ বিধায়ক মজিবৰ ৰহমানে উদ্বোধন কৰা উক্ত ইডুকেয়াৰ একাডেমীত দৰং জিলাৰ শ্যামপুৰ, আৰিমাৰীত পৰ্য্যায়ক্ৰমে চৰকাৰে সংস্থাপন কৰা পৰিয়াল কেইটাৰ শিশুসকলে যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে কিছু শিক্ষিত সচেতন লোকৰ প্ৰচেষ্টাত জন্ম হোৱা ইডুকেয়াৰ একাডেমী নামৰ স্বেচ্ছাসেৱী সংগঠন এটি শ্যামপুৰত স্থাপন কৰা হয়। শ্যামপুৰ-আৰিমাৰিত সংস্থাপিত কৰা পৰিয়ালৰ কণ কণ শিশুক বিনামূলীয়া গুণগত শিক্ষা প্ৰদান কৰি মানৱ সম্পদ হিচাপে গঢ়ি তোলাই হ’ব এই একাডেমীৰ লক্ষ্য তথা উদ্দেশ্য।