অসমৰ শান্তি-সম্প্ৰতি বজাই ৰখাৰ বাবে কাজিগাঁৱত আৰক্ষীৰ শান্তি কমিটি গঠন

 06/12/2022 - 18:30
 
 
গৌৰীপুৰঃ ইছলাম ধৰ্মৰ প্ৰবৰ্তক হজৰত মহম্মদৰ বিৰুদ্ধে বিজেপি নেত্ৰী নুপুৰ শৰ্মাই কৰা অপমান সূচক মন্তব্য কৰাৰ পাছতে সমগ্র বিশ্বত ভাৰতৰ বিৰুদ্ধে আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ।শেহতীয়াকৈ দেশৰ বিভিন্ন ঠাইত নুপুৰ শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ। বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিতৰ্কত মন্তব্যক যাতে অসমত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বিটিআৰৰ পৰ্বতঝোৰা অঞ্চলত গঠন কৰা হয় এখন শান্তি কমিটি।
 
 
 
আজি বিয়লি কাজিগাও আৰক্ষী থানা চৌহদত অনুষ্ঠিত হোৱা নাগৰিক সভাখনত বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধি আৰু এবিএমছু,আমছু ,এবছু সংগঠনৰ নেতা কৰ্মী সকল উপস্থিত থাকে।এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে পৰ্বতঝোৰা মহকুমা আৰক্ষী পৰিদৰ্শক ৰাজু গগৈ, কাজিগাও আৰক্ষী বিষয়া নীপজ্যোতি নাথ,আমছুৰ সাংগঠনিক সম্পাদক দিলোৱাৰ হুছেইন প্ৰমুখ্যে গাওৰক্ষী বাহিনীৰ সম্পাদক সকলৰ আৰু গাঁওবুঢ়াসকল।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।