06/13/2022 - 14:05
in
গোলাঘাটঃ গোলাঘাট জিলাৰ চৈয়দ আব্দুল মালিক সাহিত্য ভৱনত আজি "জাতীয় সাংস্কৃতিক বৰভেটি, অসম" নামৰ সংগঠনৰ দ্বিতীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে জিলাৰ স্থায়ী সভাপতি কমাৰবন্ধা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুনেন বৰাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি টংকেশ্বৰ পাঠৰী, সম্পাদক পুলো দত্ত, গোলাঘাট জিলা সম্পাদক মৃদুল শৰ্মা লগতে ভালে সংখ্যক গন্য-মান্য ব্যক্তি। ২০১৮ চনতে প্ৰতিস্থা হোৱা সংগঠনটোৰ মুখ্য উদ্দেশ্য হ’ল সাত ভনীক একতাৰ বান্ধোনে বান্ধ খুৱাই কৃষ্টি সংস্কৃতিৰ বান্ধোন সু-দৃঢ় কৰা। সেই উদ্দেশ্য আগত ৰাখি অহা ২০২৪চনত অবিভক্ত শিৱসাগৰ জিলাত এখন বাৰেৰহনীয়া সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে ৰাইজৰ আগত দাঙি ধৰা। ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে নাগালেণ্ড, অৰুণাচল আদি ৰাজ্যত তেওঁ লোকে সমিতি গঠন কৰিছে বুলি সভাত ৰাইজৰ আগত অৱগত কৰে।