ডুমডুমাত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বীৰ্কে বাহাদুৰ থাপাৰ গ্ৰন্থ উন্মোচন

 06/13/2022 - 17:10
 
 
ডুমডুমাঃ ডুমডুমা প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তালাপৰ শিক্ষক তথা বিশিষ্ট লেখক, সমালোচক বীৰ্কে বাহাদুৰ থাপাৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়| ন-দিহিং কাব্যালোচনীৰ সৌজন্যত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰকাশ দত্তৰ পৌৰহিত্যত আয়োজিত অনুষ্ঠানত "বৌধিক বিপৰ্যয়, আজিৰ প্ৰজন্ম আৰু আমাৰ ভৱিষ্যত" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়|
 
আলোচনা চক্ৰৰ মুখ্য আলোচক ৰূপে ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট স্তম্ভ লেখক শিৱজীত দত্ত সাৰুৱা বক্তব্য প্ৰদান কৰে আৰু বীৰ্কে বাহাদুৰ থাপাৰ "বৌদ্ধিক সংঘাত আৰু জীৱনৰ বিষাদ ইত্যাদি" নামৰ গ্ৰন্থখন উন্মোচন কৰে দৈনিক জনমভূমি কাকতৰ তিনিচুকীয়া সংস্কৰণৰ কাৰ্যধ্যক্ষ তথা বিশিষ্ট লেখক অৰূপ বৰকটকীয়ে |
 
 
অনুষ্ঠানটোত জেষ্ঠ সংবাদিক, বিশিষ্ট লেখক, সাহিত্যিক ক্ৰমে ধীৰেন ডেকা, অৰ্জুন বৰুৱা, অতুল চন্দ্ৰ শৰ্মা, শৰৎ চন্দ্ৰ চিৰিংফুকন, বিশিষ্ট কবি শ্বৰিফা খাতুন চৌধুৰী আৰু সুলেখক যোগেন্দ্ৰ নাথ বৰুৱা, অনুজ কলিতাৰ লগতে বহু কেইগৰাকী লোক উপস্থিত থাকে| ছাত্ৰী-সুগায়ীকা বিস্মিযা দাসে গীত পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে|
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।