নগাঁৱত জলসিঞ্চন বিভাগৰ "প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা"ৰ শুভ উদ্বোধন

 06/13/2022 - 19:01
 
 
 
নগাঁওঃ নগাঁৱত জলসিঞ্চন বিভাগৰ "প্ৰধানমন্ত্ৰী কৃষি সঞ্চায় যোজনা"ৰ শুভ উদ্বোধন কৰা হয়৷ সোমবাৰে নগাঁও চলচলিত জলসিঞ্চন বিভাগ নগাঁও বঢ়মপুৰ সংমণ্ডলৰ অধীনত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনাৰ পৰ্যায় ১ ৰ শুভ উদ্বোধনৰ বাবে এক ৰাজহুৱা সভা আয়োজন কৰা হয়৷ সভাৰ কাৰ্যসূচী হিচাপে কৃষকৰ উপকাৰ হোৱাকৈ 100 গৰাকীক কৃষি সিঞ্চাই আচঁনিৰে উপকৃত কৰা হয়৷
 
 
আজি প্ৰথমটো অত্যাধুনিক নলাৰ শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই৷ সভাত মুখ্য ব্যৱস্থাপক হিচাপে অংশগ্ৰহণ কৰা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা দিলীপ কুমাৰ বৰুৱাই মন্তব্য কৰি কয়যে, এই আচঁনিয়ে কৃষকৰ উপকাৰ কৰি স্বাৱলম্বিতাৰ দিশত অধিক সহায় কৰিব৷ আঁচনিৰ অন্তভুৰ্ক্ত হ'বলৈ পাই উৎসাহিত হোৱা পৰিলক্ষিত হ'ল হিতাধিকাৰীসকলকো৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।