দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অধীনৰ বিধ্বস্ত পথে জীয়াতু ভোগাইছে ৰাইজক

 06/10/2019 - 14:26

সৰুপথাৰঃ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অধীনত তথা প্ৰেমহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ এটা পথে জীয়াতু ভোগাইছে কৃষকৰ লগতে সাধাৰণ ৰাইজক। এফালে প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ এটা পথৰ পৰা আনফালে ONGC ৰ দ্বাৰা নিৰ্মিত এটা পথক সংযোগ কৰা প্ৰায় ডেৰ কিলোমিটাৰ পথৰ দুৰৱস্থাই অতিষ্ঠ কৰি তুলিছে গাঁওখনৰ জনসাধাৰণক।

উল্লেখযোগ্য যে দুয়োটা পথক গাঁওখনৰ মধ্যভাগত সংযোগ কৰা এইটোৱেই হৈছে একমাত্ৰ পথ। বাৰিষা কালত পথটোৰ কোনো কোনো অংশত পানী জমা হৈ যোৱাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ আৰু যান-বাহনৰ যাতায়তৰ বাবে অনুপযোগী হৈ পৰে। কৃষিপ্ৰধান অঞ্চলটোত কৃষি কাৰ্যৰ বাবে দৈনিক শ শ কৃষক এই যাতায়ত অনুপযোগী পথটোৰেই অহা-যোৱা কৰিব লগা হয় ফলত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে।

ইফালে এই পথটোৰ নিৰ্মাণৰ বাবে কৃষক আৰু স্থানীয় ৰাইজে বাৰম্বাৰ প্ৰেমহৰা পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আবেদন জনাইছে যদিও গা ল'ৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। স্থানীয় লোকসকলে জনোৱা মতে পঞ্চায়তৰ প্ৰতিনিধিসকলক পূৰ্বৰ দুয়োটা কাৰ্যকালত এই পথটো নিৰ্মাণৰ বাবে বহু বাৰ আবেদন কৰা হৈছিল যদিও তেওঁলোকৰ পৰা পালে মাথোঁ ভূৱা আশ্বাস আৰু মিছা প্ৰতিশ্ৰুতি।

বৰ্তমানৰ প্ৰেমহৰা গাঁও পঞ্চায়তৰ প্ৰতিনিধিক এই প্ৰসঙ্গ বহু বাৰ অৱগত কৰিছে যদিও এতিয়ালৈকে একো পদক্ষেপ লোৱা নাই। ফলত স্থানীয় লোকে পঞ্চায়তটোত উন্নয়নৰ পৰিৱৰ্তে চৰম অৰাজকতাহে বিৰাজ কৰিছে বুলি জানিবলৈ দিয়ে। কেতিয়াকৈ প্ৰেমহৰা পঞ্চায়তৰ এই চৰম অৰাজকতাৰ অৱসান ঘটিব সেয়াহে বৰ্তমান চিন্তাৰ বিষয় হৈ উঠিছে স্থানীয় ৰাইজৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।