ফেকামাৰী সমবায় সমিতিৰ আজি শপত গ্ৰহণ অনুষ্ঠান

 06/15/2022 - 15:05
 
 
 
 
মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী সমবায় সমিতিৰ আজি শপত গ্ৰহণ অনুষ্ঠিত হয়৷ অনুষ্ঠানত নৱ নিৰ্বাচিত ৯ গৰাকী সদস্যক শপত বাক্য পাঠ কৰায় সমবায় সমিতি লিঃমিঃটেঃৰ সহ পঞ্জীয়কৰ এ জামনে৷ দুৰ্নীতিৰ নকৰা আৰু সমবায় সমিতিৰ উন্নয়নৰ হকে কাম কৰাৰ অঙ্গীকাৰবদ্ধ হৈ ঈশ্বৰৰ নামত শপত লয় সদস্য-সদস্যা সকলে৷ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত সভাপতি আৰু উপ সভাপতিৰ প্ৰাৰ্থীৰ নিৰ্বাচন হয়। নিৰ্বাচনত সভাপতি হিচাপে নিৰ্বাচন হয় মাফিজুৰ ৰহমান (মিন্টু) আৰু উপসভাপতি মিন্টু মিঞা৷
 
 
 
উল্লেখ্য যে, ৯ জুনত ফেকামাৰী সমবায় সমিতিৰ সদস্য পদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ নিৰ্বাচনত ৪৫ জন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বীতা কৰি ১৫ গৰাকী সদস্য জয়লাভ কৰিছিল। উক্ত ৯ গৰাকী সদস্য-সদস্যা আজি উপস্থিত থাকি শপত গ্ৰহণৰ কৰে আৰু সদস্য সকলোৰ পৰা সভাপতি আৰু উপসভাপতিৰ প্ৰাৰ্থী নিৰ্বাচিত কৰে৷ নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে নিষ্ঠাৰে সমবায় সমিতিৰ উন্নয়নৰ কাম কৰিব বুলি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।