নৰ্থ বেংক মহাবিদ্যালয়ত "ঐতিহ্য দিৱস" উদযাপন

 06/16/2022 - 13:05
 
 
 
 
ঢকুৱাখনাঃ ঢকুৱাখনাৰ কৰ্মযোগী, প্ৰবীণ মুক্তি যোদ্ধা , শিক্ষাবিদ প্ৰয়াত সতীশ চন্দ্ৰ গগৈৰ আশাসুধীয়া প্ৰচেষ্টাৰ বিনিময়ত গঢ় লৈ উঠা এইখন ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়। ১৯৬১ চনত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ উচ্চ শিক্ষাৰ আলোকেৰে আলোকিত কৰাৰ মহান লক্ষ্যৰে এইগৰাকী শিক্ষাব্ৰতীয়ে ঘিলামৰা সদৰত প্ৰতিষ্ঠা কৰিদিল এইখন মহাবিদ্যালয়। বিগত ৬১ বছৰীয়া বৰ্ণিল শৈক্ষিক পৰিক্ৰমা আৰু উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ নিৰন্তৰ প্ৰয়াসৰ মাজতে বুধবাৰে মহাবিদ্যালয়খনত উদযাপন কৰা হয় "ঐতিহ্য দিৱস। ১৯৬১ চনৰ ১২ জুনৰ পৰা মহাবিদ্যালয়খনৰ বিদ্যায়তনিক পাঠদান পৰ্বৰ শুভাৰম্ভ হোৱা সেই শুভ ক্ষণৰ সশ্ৰদ্ধ স্মৰণ কৰি এই দিনটো উদযাপন কৰা হয়।
 
 
দিনজোৰাকৈ অনুষ্ঠিত ঐতিহ্য দিৱসৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যুগল শইকীয়াই। ইয়াৰ পাছতে মহাবিদ্যালয় প্ৰতিষ্ঠাৰ সতে আমৃত্যু জড়িত  প্ৰয়াত ব্যক্তি সকলৰ স্মৰণ কৰি স্মৃতি তৰ্পণ কৰা হয়। পৰৱৰ্তী সময়ত অনুষ্ঠিত মুকলি সভাৰ মঞ্চ  উদ্ধোধন কৰে সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকাই। মুকলি সভাত  নিৰ্দিষ্ট বক্তা হিচাবে মহাবিদ্যালয়খনৰ অৱসৰী অধ্যাপিকা ইভা ৰাণী বৰুৱা উপস্থিত থাকে। মুকলি সভাতেই মহাবিদ্যালয়ৰ অধ্যাপক ভবেশ মৰাং আৰু দেৱ কুমাৰ চাংমাইৰ সম্পাদনাত প্ৰকাশিত "গ্লিমপছ অৱ থৎচ "নামৰ  স্মৃতিগ্ৰন্থখন উন্মোচন কৰে মহকুমাধিপতি অৰিন্দম বৰুৱাই। মহাবিদ্যালয় আভ্যন্তৰিন মান নিৰূপণ কোষৰ সহযোগত আৰু মহাবিদ্যালয় মহিলা কোষৰ উদ্যোগত অনুষ্ঠিত  ঐতিহ্য দিৱসত সমূহ শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষাব্রতী ৰাইজে অংশগ্ৰহণ কৰে। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।