06/16/2022 - 20:00
in
মৰিগাঁওঃ মৰিগাঁও জিলাৰ বেলগুৰি আৰু পাত্ৰবড়ী কলঙৰ মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ কলঙৰ মথাউৰিটো ১০০ মিটাৰৰ ভিতৰতে দুটাকৈ স্থানত খহি গৈছিল বাঢ়নী পানীৰ সোঁতত৷ মন্ত্ৰীজনে জলসম্পদ বিভাগক তৎকালীনভাৱে জাম্ব’ বেগ পেলাই মথাউৰিটো পাৰ্যমানে বচাবলৈ আহ্বান জনাই৷ পাহাৰীয়া পানী আহি কলঙত পৰি দুই এদিনৰ ভিতৰত মথাউৰিটো ক্ষতি কৰাৰ আশংকা কৰিছে মন্ত্ৰীজনে৷ এই ক্ষেত্ৰত বিভাগক সহায় কৰিবলৈ আহ্বান জনাই মন্ত্ৰীজনৰ নিজৰ সমষ্টিৰ ৰাইজক৷ মন্ত্ৰীজনে তিনিচুকীয়া, ধকুৱাখানা, মাজুলী লাহৰীঘাট, মায়ং আদি ঠাইত ইতিমধ্যে বানৰ বাবে কাম কৰিছে সেই ঠাইত বৰ্তমান বান হোৱা নাই এইবাৰ যাৱ নামনিৰ বাক্সা নলবাৰীৰ পাগলাদিয়া নদীত কাম কৰিব বান নিয়ন্ত্ৰণৰ বাবে৷ গুৱাহাটীৰ কৃত্ৰিম বানৰ সন্দৰ্ভত মন্ত্ৰী জনে চৰকাৰৰ তৰফৰ পৰা চেষ্টা কৰি আছে৷ আগত দুই ঘণ্টাৰ ভিতৰত পানী নোহোৱা হৈ গৈছিল যদিও এই কেইদিন নেৰানেপেৰা বৰষুণৰ বাবে পানী কমা নাই বুলিও মন্তব্য কৰে মন্ত্ৰীজনে৷