06/17/2022 - 18:03
in
বাইহাটা চাৰিআলিঃ বানাক্ৰান্তৰ কাষত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা। সমগ্ৰ উত্তৰ কামৰূপত বানৰ বিভিষিকা। বাইহাটা চাৰিআলিৰ সৰহ সংখ্যক গাঁও এতিয়া পানীৰ তলত। আনকি ভিতৰুৱা পথ সমুহো পানীৰ তলত। বাইহাটা চাৰিআলিৰ মাজেৰে বৈ যোৱা কলাজল নদীৰ বাঢ়নি পানীয়ে বহু গাঁও জলমগ্ন কৰি তোলে।
শুকুৰবাৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা বিধায়ক দিগন্ত কলিতাই কলাজল নদীৰ বাঢ়নি পানীয়ে জলমগ্ন কৰা অঞ্চল পৰিদৰ্শন কৰাৰ কিছু পিচতে উপস্থিত হয় কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক। উত্তৰ কামৰূপ অঞ্চলত পূৰ্বে এনে ধৰণৰ বানপানী হোৱা নাছিল বুলি ব্যক্ত কৰে উপায়ুক্ত গৰাকীয়ে।
বানপানীত আবদ্ধ হৈ থকা লোক সকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ, এন ডি আৰ এফক কামত লগাই দিয়া বুলি উল্লেখ কৰে। লগতে যিবিলাক ঠাইত বানপানী হৈছে সাহাৰ্য্য আগবঢ়াব বুলি কয় উপায়ুক্ত গৰাকীয়ে। ইফালে বানপীড়িত ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই। বিধায়ক গৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিলৈ বানপীড়িত সকলক আহিবলৈ আহ্বান জনাইছে। আনফালে কামৰূপ জিলা প্ৰশাসনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ওৱান ওৱে কৰি এটা পথত আশ্ৰয় শিবিৰ বনাবলৈ নিৰ্দেশ দিছে স্থানীয় প্ৰশাসনক।