06/17/2022 - 19:40
in
নিউজ ডেস্কঃ ২৪ জুনৰ পৰা আৰম্ভ হ’ব অগ্নিপথ ভৰ্তি প্ৰক্ৰিয়া৷ বায়ু সেনা প্ৰধান বি আৰ চৌধুৰীয়ে আজি কয় যে ভাৰতীয় বায়ু সেনাত ২৪ জুনৰ পৰা আৰম্ভ হ’ব অগ্নি বীৰৰ ভৰ্তি প্ৰক্ৰিয়া৷ দেশৰ ভিন্ন প্ৰান্তত চৰকাৰৰ অগ্নি পথ আঁচনিক কেন্দ্ৰ কৰি বৰ্তমানো প্ৰতিবাদ অব্যাহত আছে৷ বীহাৰত প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাজপথ অৱৰোধ কৰাৰ লগতে জ্বলাই দিছে বহুকেইখন ট্ৰেইন৷ হাৰিয়ানাটো দেখিবলৈ পোৱা গৈছে অগ্নি পথৰ বিৰুদ্ধে যুৱকৰ প্ৰতিবাদ৷ ইফালে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে মন্তব্য আগবঢ়াইছে অগ্নি পথ আঁচনিয়ে দেশক আৰু অধিক মজবুত তথা শক্তিশালী কৰিব৷