বিলাসীপাৰাত বন্যাৰ্তৰ কাষত বিধায়ক ছামছুল হুদা

 06/18/2022 - 13:12
 
 
 
 
বিলাসীপাৰাঃ প্ৰলয়ংকাৰী বানৰ কবলত পৰি সৰ্বস্বান্ত হৈছে বিলাসীপাৰা মহকুমাৰ হাজাৰ হাজাৰ পৰিয়াল। তেনে সময়ত যন্ত্ৰচালিত নাওঁৱেৰে বানপীড়িত ৰাইজৰ খবৰ লয় পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদা। বিলাসীপাৰাৰ হাকামা, লক্ষীগঞ্জ, উদমাৰী, চিৰাকুটা আৰু ফুটকিবাৰী আদি অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয় বিধায়ক হুদাই। বন্যাৰ্ত জনতাৰ ক্ষয়-ক্ষতিৰ বুজলৈ বিধায়ক গৰাকীয়ে বন্যাৰ্তৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। বিধায়ক হুদাই ধুবুৰী আৰু বিলাসীপাৰা মহকুমা প্ৰশাসনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বিধায়ক ছামছুল হুদাই কয় যে- ধুবুৰী জিলা প্ৰশাসন আৰু বিলাসীপাৰা মহকুমা প্ৰশাসন বৰ্তমান আৰু প্ৰশাসন হৈ থকা নাই, বিজেপিৰ কৰ্মী হৈ কাম কৰি আছে।  ধুবুৰী জিলাৰ উপায়ুক্তক অতি শীঘ্ৰে চৰ অঞ্চলৰ বান পানী পৰিদৰ্শন কৰি বান সাহায্যৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় বিধায়ক ছামছুল হুদাই।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।