গুৱাহাটীৰ জু-ৰোড বোমা বিস্ফোৰণৰ সৈতে জড়িতৰ অভিযোগত গ্রেপ্তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক

 06/10/2019 - 14:55

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ জু-ৰােডত গ্রেনেড বিস্ফোৰণত জড়িত থকাৰ অভিযােগত ডিব্ৰুগড়ত এজন ৬৫ বছৰীয়া লােকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। ডিব্ৰুগড় চহৰৰ পশ্চিম মিলন নগৰৰ এটা ভাড়াঘৰৰ পৰা গ্রেপ্তাৰ কৰা হয় গ্রেনেড বিস্ফোৰণত অভিযুক্ত প্রকাশ ৰাজকোঁৱৰ ওৰফে চাও নাম টি লাও নামৰ লােকজনক। উল্লেখ্য যে কালি পুৱাতে আৰক্ষীৰ বিশাল বাহিনী উপস্থিত হয় ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰত। মিলন নগৰৰ ৰাজপথৰ ঠায়ে ঠায়ে ট্রফিক আৰক্ষী নিয়ােজিত কৰা হ'ল।

উচ্চপদস্থ আৰক্ষী বিষয়াসহ আৰক্ষী বাহিনীয়ে পশ্চিম মিলন নগৰৰ উপপথ এল নিৱাসী সুন্দৰ ৰাজকোঁৱৰৰ ঘৰত পুৱা প্রায় ৯ বজাত প্ৰৱেশ কৰে। সুন্দৰ ৰাজকোঁৱৰৰ ভাৰাঘৰত গুৱাহাটীৰ চিটী পুলিচ আৰু ডিব্ৰুগড় আৰক্ষীয়ে বহু সময় অভিযান চলােৱাৰ পাছত গুৱাহাটীৰ জু-ৰােডৰ বিস্ফোৰণৰ সৈতে জড়িত সন্দেহত প্রকাশ ৰাজকোঁৱৰ ওৰফে চাও নাম টি লাও নামৰ এজন ৬৫ বছৰীয়া ব্যক্তিজনক গ্রেপ্তাৰ কৰে। ব্যৱসায়ী সুন্দৰ ৰাজকোঁৱৰৰ ভাড়াঘৰত দুবছৰ পূৰ্বৰে পৰা বাস কৰিছিল এই প্রকাশ ৰাজকোঁৱৰে।

নিজকে তিনিচুকীয়া জিলাৰ ডিৰাক গেটৰ নৱজ্যোতিত ঘৰ বুলি জানিবলৈ দিছে যদিও তেওঁৰ প্রকৃত ঘৰ শিৱসাগৰৰ লাকুৱাৰ উজনি কোঁৱৰগাঁৱত। ধৃত ৰাজকোঁৱৰৰ পৰা এটা কম্পিউটাৰ চি পি ইউ, চাৰিটাকৈ এনড্রইড ম'বাইলকে আদি কৰি বহু আপত্তিজনক সামগ্রী জব্দ কৰিছে আৰক্ষীয়ে। তিনিচুকীয়া জিলাৰ ডিৰাক প্রাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আছিল ৰাজকোঁৱৰ। প্ৰাক্তন শিক্ষকজনে ডিব্ৰুগড়ৰ ভাড়াঘৰত থাকি গুৱাহাটীৰ গ্রেনেড বিস্ফোৰণৰ লগত জড়িতসকলৰ সৈতে সু-সম্পর্ক ৰাখিছিল। ধৃত ৰাজকোঁৱৰক গুৱাহাটীলৈ অধিক জেৰাৰ বাবে লৈ যোৱা হয়।

উল্লেখ্য যে যােৱা ১৫ মে’ত গুৱাহাটীৰ জু-ৰােডত সংঘটিত বােমা বিস্ফোৰণৰ ঘটনাত জড়িতৰ অভিযােগত ইতিমধ্যে জাহ্নৱী শইকীয়া, প্রাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, বিজয় অসম, পাপু কোচ, অমিত বল্লভ গােস্বামীকে ধৰি কেইবাজনকো গ্রেপ্তাৰ কৰাৰ পাছত এইগৰাকী অৱসৰপ্রাপ্ত শিক্ষকক গ্রেপ্তাৰ কৰিছে। অৱশ্যে নিষিদ্ধ সংগঠন আলফাৰ সৈতে বা বােমা বিস্ফোৰণকাৰীৰ সৈতে কেনেধৰণৰ যােগাযােগ আছিল, সেই বিষয়ে তদন্তৰ খাতিৰত আৰক্ষীয়ে কোনাে তথ্য সদৰী কৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।