বালিপৰাত বান পৰিস্থিতিৰ বুজ লয় শোনিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই

 06/18/2022 - 19:56
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ বালিপৰাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। জলাসয়ৰ নৈৰ বাঢ়নী পানীৰ কবলত বালিপৰাৰ ১৫ খনতকৈও অধিক গাঁও। জলাসয়ৰ নৈয়ে লৈছে কালৰূপ। বানপানীয়ে কেইবাশ বিঘা খেতিপথাৰ নষ্ট কৰাৰ লগতে জলাসয়ৰ নৈৰ বাঢ়নী পানীৰ ফলত বালিপৰাৰ সমবায় সমিতিৰ গুদামত মজুদ ৰখা প্ৰায় চাৰিশ বেগ চাউলৰ বস্তা নষ্ট হোৱাৰ আশংকা কৰিছে সমবায়টোৰ কৰ্মচাৰীয়ে। আজি বালিপৰাত উপস্থিত হৈ বিভিন্ন প্ৰান্তত হোৱা বানপানীৰ সমগ্ৰ পৰিৱেশৰ বুজ লোৱাৰ লগতে পৰিদৰ্শনো কৰিলে শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। তেওঁ কয় যে- "শোণিতপুৰ জিলাৰ যিখিনি স্পৰ্শকাতৰ অঞ্চলত বানপানীত ক্ষতিগ্ৰস্থ হৈছে মই নিজেই আজি পৰিদৰ্শন কৰি বান পিড়িত লোকসকলক বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থাৰ পৰা ৰিলিফ কেম্পৰ জৰিয়তে খাদ্য-সামগ্ৰী প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। জিলা উপায়ুক্তগৰাকীৰ লগত সংগ দিয়ে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াই। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।