জলপ্ৰলয়ত বন্দী কামপুৰৰ জনতা

 06/19/2022 - 11:48

 

কামপুৰঃ জলপ্ৰলয়ত কামপুৰ৷ কামপুৰ মূল টাউনক ধৰি সকলো অঞ্চল কপিলীৰ বানৰ কবলত৷ কামপুৰ পৌৰ সভাৰ কাৰ্যালয় ;চক্ৰবিষয়া কাৰ্যালয়ৰ লগতে কামপুৰ বজাৰৰ এটা পেট্ৰল পাম্প আৰু কামপুৰ পৌৰসভাৰ ১০টা মহলাৰে লোকে বানৰ কবলত৷ কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ ১০২ খন ৰাজহ গাঁৱত চৌদিশে এতিয়া পানী আৰু পানী৷ কামপুৰলৈ যাতায়ত কৰিব পৰা সকলো পথ বন্ধ৷ পানীৰ মাজত আবদ্ধ কামপুৰৰ লক্ষাধিক লোক৷ কামপুৰত বানৰ ভয়ঙ্কৰ ৰূপ।খহাই নিলে কামপুৰ কঠিয়াতলী পথৰ নীলকণ্ঠ ধাবাৰ সমীপৰ পকী দলঙৰ এটা মুৰ।

 


ইপিনে কামপুৰৰ মিনাপাম, কাকতি গাঁও, আৰু বগৰা গাঁও পঞ্চায়ত এতিয়া পানীৰ তলত ডুব যোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। ইপিনে কামপুৰৰ বহু বানাক্ৰান্ত এতিয়াও বানৰ মাজতে আবদ্ধ হৈ আছে সেইটো যদিও উদ্ধাৰ অভিযান নোহোৱাৰ অভিযোগ উত্থাপিত কৰিছে বানাক্ৰান্তই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।