বেঁকী নৈৰ খহনীয়া পৰিদৰ্শন বিটিআৰৰ কাৰ্যবাহী প্ৰমোদ বড়োৰ

 06/19/2022 - 18:36
 
 
শালবাৰীঃ ভূটানৰ পৰা বৈ অহা পানীয়ে বেঁকী নৈৰ জলপৃষ্ঠ ওফন্দাই পেলোৱাৰ লগতে ঠায়ে ঠায়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰি কৰিছে৷ তাৰ মাজতে আজি বেঁকীৰ খহনীয়া পৰিদৰ্শন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে৷ মুখ্য কাৰ্যবাহী গৰাকীয়ে বেঁকীৰ সমীপৰ শালবাৰীৰ এলেঙামাৰী, খাগ্ৰবাৰী, চূণবাৰী, গোৱৰ্ধনা আদি গাঁওসমূহ পৰিদৰ্শন কৰি ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে অচিৰেই খহনীয়া ৰোধৰ বাবে কাম কৰা হ’ব বুলি নিশ্চিত প্ৰদান কৰে৷ তেওঁ কয় যে ভূটানৰ পৰা বৈ অহা নৈ সমুহৰ সোঁত বেছি৷ সেয়ে খহনীয়া যথেষ্ট হয় বৈজ্ঞানিকভাবেহে খহনীয়া ৰোধৰ সম্ভৱ৷ বেঁকীৰ খহনীয়া ৰোধৰ বাবে ইতিমধ্যে কেবাকোটি টকা আহিছে৷ নৈখনৰ পানী কমিলেই আমি খহনীয়া ৰোধৰ কাম কৰিম৷ বিটিআৰত সোণকোষৰ পৰা ধনশ্ৰী,গোলণ্ডীলৈকে যিমানবোৰ নদী আছে প্ৰায়বোৰতে এইবাৰ যথেষ্ট খহনীয়াৰ সৃষ্টি হৈছে যিটো এক চিন্তনীয় বিষয়। তথাপি এইক্ষেত্ৰত হাৰ মনাৰ কোনো কথাই নাই৷ আমি মোকাবিলা কৰিম৷ আজি পৰিদৰ্শন কালত প্ৰমোদ বড়োক কেবাগৰাকী কাৰ্যবাহী সদস্যই সংগ দিয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।