06/21/2022 - 12:56
in
ধুবুৰীঃ আমাক জীয়াই থাকিবলৈ আহাৰ লাগে৷ কিন্তু ভালকৈ, নিৰোগী হৈ আৰু এটা শক্তিশালী মন লৈ জীৱন যাপন কৰিবলৈ আমাক যোগাভ্যাসৰ প্ৰয়োজন৷ সমাজত শান্তিৰ বাবে, মানৱতা ৰক্ষাৰ বাবেও আমি যোগ কৰিব লাগিব৷' ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু আয়ুস মন্ত্ৰালয়ৰ সহযোগত গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জীৰ প্ৰাংগনত আজি পুৱা আয়োজিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এইদৰে কয় ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংসদ নাৰ্জাৰীয়ে বন্তি প্ৰজ্বলনেৰে যোগ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছতে প্ৰায় ৪৫ মিনিট সময় যেগাভ্যাস কৰা হয়৷ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে ধুবুৰী জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী প্ৰমুখ্য জিলা প্ৰশাসনৰ কেবাজনো বিষয়া, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সন্যাল, চি আৰ পি এফৰ ৪৮ নং বেটেলিয়নৰ কামাণ্ডেন্ট এছ এছ এইচ ৰিজভি প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, বিভন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি কেবাশ লোকে যোগাভ্যাসত অংশগ্ৰহণ কৰে৷ যোগাভ্যাসৰ নেতৃত্ব লয় যোগ প্ৰশিক্ষক সুচেন চন্দ্ৰ মহন্তই আৰু তেওঁক সহযোগ কৰে ক্ৰমে দুলাল ৰঞ্জন ৰয়, মিনু সৰকাৰ, কৰুণা কান্ত ৰয়ে৷ যোগাভ্যাসৰ পিছতে ধুবুৰীৰ বিভিন্ন আয়ুস যোগ ব্লকৰ সদস্যই যোগ নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷