বাইহাটা চাৰিআলিঃ নতুন পদ্ধতিৰে নিৰ্মাণ হ’ব ভগ্ন মথাউৰি। ৰাজ্যৰ ভগ্ন মথাউৰি সমূহ উন্নত প্ৰযুক্তিৰে শীঘ্ৰেই মেৰামতি কৰাৰ কথা ঘোষণা জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। তৎকালীনভাৱে আৰম্ভ হ’ব ৰাজ্যৰ ভগ্ন মথাউৰিৰ অস্থায়ী নিৰ্মাণ কাৰ্য। বৃহৎ বৃহৎ জিঅ’ বেগেৰে বন্ধ কৰা হব ভগ্ন মথাউৰি। এক টনৰ জিঅ’ বেগৰে মথাউৰি মেৰামতিৰ টেকনিক গ্ৰহণ কৰা বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
সৰু জিঅ’ বেগৰ সলনি বৃহৎ আকাৰৰ জিঅ’ বেগেৰে তৎকালীনভাবে নিৰ্মাণ আৰম্ভ কৰিব ভগ্ন মথাউৰিৰ। কমলপুৰ সমষ্টিৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি এই মন্তব্য জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। এক টন পৰিমাণৰ মাটিৰ বহন ক্ষমতা থকা জিঅ’ বেগ ব্যৱহাৰ কৰি অতি শীঘ্ৰে অস্থায়ীভাবে আৰম্ভ হ’ব ভগ্ন মথাউৰিৰ নিৰ্মাণ। ইফালে নবেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত ভগ্ন মথাউৰিৰ স্থায়ীভাবে নিৰ্মাণ হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।