বৰভাগৰ বানাক্ৰান্তৰ মাজত মুখ্যমন্ত্ৰী, সকলো বানাক্ৰান্তই সাহায্য পাব

 06/21/2022 - 20:14
 
বাহাৰঘাটঃ আজি আবেলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত ৰাইজৰ খা-খৱৰ লয়৷ আজি পুনতে ৰাজহ চক্ৰটোৰ অন্তৰ্গত দেহাৰকুছি শ্ৰীশ্ৰী দুৰ্গাপূজা মন্দিৰৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজৰ খা-খৱৰ লয়৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে সকলো বানাক্ৰান্ত ৰাইজে সাহাৰ্য্য পাব৷ যদি কোনো বানাক্ৰান্ত ৰাইজে সাহাৰ্য্য নোপোৱা অভিযোগ পাওঁ তাৰ তদন্ত কৰি ততাতৈয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷
 
 
তেওঁ বানাক্ৰান্ত ৰাইজে আশ্ৰয় ল’ব পৰাকৈ ঠায়ে ঠায়ে আশ্ৰয় শিবিৰ স্থাপন কৰিব বুলিও কয়৷ আনহাতে ভগ্ন মথাউৰি সমূহ সোনকালে মেৰামতি কৰাৰো আশ্বাস দিয়ে৷ ইয়াৰোপৰি সাংবাদিকে বৰভাগৰ দুসুঁতি মুখৰ উন্মোক্ত শ্লুইছ গেটটো কেতিয়া সম্পূৰ্ণ হব বুলি কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰো এটি ব্যৱস্থা শীঘ্ৰে কৰা হ’ব৷
 
 
আজি মুখ্যমন্ত্ৰীৰ লগত নলবাৰী সমষ্টিৰ বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্য্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,নলবাৰীৰ উপায়ুক্ত গীতিমণি ফুকন,নলবাৰী জিলাৰ সকলো বিভাগৰে মুৰব্বী বিষয়া কৰ্মচাৰীৰ লগতে জিলা বিজেপিৰ সভাপতি ডা°মৃগাংক তালুকদাৰ সহ অসংখ্য দলীয় কাৰ্য্যকৰ্তা সহযোগ কৰে৷ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকী বৰভাগ মহাবিদ্যালয় আশ্ৰয় শিবিৰত উপস্থিত হয়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।