ডিজিটেল ডেস্কঃ প্রচণ্ড গৰমত যি সময়ত দেশৰ আন প্ৰান্তৰ বাসিন্দাসকলে ছাটি-ফুটি মৰিছে, সেই সময়ত বিশ্বত সকলােতকৈ ওখ যুদ্ধক্ষেত্র ছিয়াচেনত অতিপাত ঠাণ্ডাত ভাৰতীয় সেনাৰ জোৱানসকলে কি দুর্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে, সেয়া আপুনি কল্পনাও কৰিব নােৱাৰিব। মাইনাচ ৭০° ছিয়াচেনত প্রচণ্ড শীতত সেনাবাহিনীয়ে কটাইছে অসহনীয় জীৱন। হাতুৰীৰে কোবাই কোবায়াে ভাঙিব নােৱাৰে কণী। খুকুৰিৰে ঘপিয়াই কাটিব নােৱাৰে আলু-পিঁয়াজ। শেহতীয়াকৈ সংবাদ মাধ্যমত প্রকাশিত ছিয়াচেনত সৈন্যসকলৰ দৈনন্দিন জীৱনৰ এটা ভিডিঅ'ই খলকনি তুলিছে।
দেশৰ অধিকাংশ স্থানতে এতিয়া উষ্ণতা ৩৫ পৰা ৪৫ৰ ভিতৰত হােৱাৰ বিপৰীতে ছিয়াচেনত উষ্ণতা মাইনাছ ৬০ ডিগ্রী। এই শীতত সকলাে গােট মাৰি গৈছে। সাগৰপৃষ্ঠৰ ২০ হাজাৰ ফুট উচ্চতাত অৱস্থিত ভাৰতীয় সেনাৰ বেচ কেম্পত এতিয়া এইহেন শীতত সাধাৰণ কামবােৰ কৰাই অত্যন্ত কঠিন হৈ পৰিছে। ভিডিঅ'টোত দেখা গৈছে ফলৰ ৰসৰ পেকেট এটা সম্পূর্ণ গােট মাৰি গৈছে। পেকেটটোৰ কাগজৰ বাকলি গুচাই দিয়াত দেখা গ'ল গােট মৰা ফলৰ ৰসে এটুকুৰা ইটাৰ ৰূপ লৈছে। এজন সৈন্যই খুকুৰিৰে কেইবাবাৰাে ঘপিয়ায়াে শিলৰ দৰে কঠিন হৈ পৰা ফলৰ ৰসৰ টুকুৰাটো কাটিবলৈ সক্ষম নহ'ল।
কণীবােৰ একো একোটা শিল হৈ পৰিছে। হাতুৰীৰে কেইবাবাৰাে প্ৰচণ্ড প্ৰহাৰ কৰিহে ভাঙিব পৰা গৈছে কণীবােৰ। একেদৰে আলু আৰু পিয়াজবােৰাে হৈ পৰিছে শিলহেন টান। ভিডিঅ’টোত দেখা গৈছে জোৱান এজনে হাতুৰীৰে কোবাই, খুকুৰিৰে ঘাপ মাৰি মাৰি ভাঙিব আৰু কাটিবলগীয়া হৈছে আলু আৰু পিঁয়াজবােৰ। ভিডিঅ’টোত এবাৰ দেখা গৈছে এজন জোৱানে কণী এটা শিলত প্রচণ্ড জোৰে দলিয়াই দিয়াৰ পাছতাে কণীটো ভাঙি নগ’ল। জোৱান এজনে হাঁহি হাঁহি কয়- “দেখিলে কণীবােৰৰ কি অৱস্থা হৈছে। ইয়াৰ উষ্ণতা মাইনাছ ৭০লৈ নামি যায়। আমাৰ জীৱন ইয়াত নৰকসদৃশ। — সাধাৰণ মানুহে কল্পনা কৰিব নােৱাৰাকৈ ছিয়াচেনত জীৱন ধাৰণ কৰাটো কঠিন। মাইনাছ ৩০-৪০ ডিগ্রীত সাধাৰণ ভাত-দাইল ৰন্ধাই অত্যন্ত কঠিন হৈ পৰে।’’ এই ভিডিঅ’টো টুইটাৰযােগে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সমগ্ৰ দেশতে খলকনি সৃষ্টি কৰিছে।