বানৰ কবলত এশিঙীয়া গঁড়ৰ আৱাস ভূমি মায়ঙৰ পবিতৰা অভয়াৰণ্য

 06/22/2022 - 12:39
 
 
মৰিগাঁওঃ বছৰৰ দ্বিতীয়টো বানৰ কবলত মায়ঙৰ গৌৰৱ এশিঙীয়া গঁড়ৰ ৰম্যভূমী পবিতৰা অভয়াৰণ্য। ইতিমধ্যে ৫০ শতাংশ বিস্তীর্ণ অঞ্চল বুৰ গৈছে ব্ৰহ্মপুত্ৰৰ বলিয়া বানত। ফলত বন্য জীৱ সমূহে কিছু সমস্যাৰ সন্মুখীন হৈছে যদিও বন বিভাগে ঘৰচীয়া 12 টা হাতী ইতিমধ্যে বুঢ়া মায়ং বন শিবিৰৰ উখ নিৰাপদ স্থানত স্থানান্তৰ কৰে। উল্লেখযোগ্য যে বহুদিন ধৰি হৈ থকা প্ৰবল বৃষ্টি পাতৰ ফলত সমগ্র ৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ অন্তৰ্গত মায়ঙৰ এশিঙীয়া গঁড়ৰ ৰম্যভূমী পবিতৰা অভয়াৰণ্যতো ব্ৰহ্মপুত্ৰ আৰু পকৰীয়া নদীৰ বাঢ়নী পানীয়ে চলাইছে ধ্বংসলীলা। ইতিমধ্যে অভয়াৰণ্য খনৰ অধিকাংশ গ্ৰাছলেণ্ড এলাকা পানীত বুৰ যোৱাত হাহাকাৰ লাগিছে বনৰীয়া জীৱ-জন্তুৰ মাজত। একাংশ বন্যপ্রাণীয়ে ঢাপলি মেলিছে পবিতৰৰ মাজতে থকা হাইলেণ্ড সমুহলৈ। ইতিমধ্যে বানৰ কৱলত বুৰ গৈছে পবিতৰাৰ টুপলুং, হাহঁচৰা, শিলডুবি, কুচিয়ানী,কুকুৱাৰী, ঠেঙভাঙা পাগলাদিয়কে আদি কৰি বহু কেইটা বন শিৱিৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।