ধুবুৰীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

 06/22/2022 - 15:47
 
 
 
 
 
 
ধুবুৰীঃ ধুবুৰী ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বিপদসীমা অতিক্ৰম কৰাৰ লগে লগে ধুবুৰীৰ বিভিন্ন অঞ্চল প্লাবিত হৈছে বিশেষকৈ চৰাঞ্চলত বসবাস কৰা সকল ক্ষতিগ্ৰস্থ হৈছে। এই জলস্তৰ বৃদ্ধি পোৱাত চহৰখনৰ সংলগ্ন নৈপৰীয়া লোকসকল যোৱাকালিৰ পৰা আশ্ৰয় শিবিৰত আশ্ৰয় লোৱ পৰিলক্ষিত হৈছে।
 
 
আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা লোকসকলৰ মাজলৈ আজি ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বানাক্ৰান্ত লোকসকলৰ খা-খবৰ লোৱা পৰিলক্ষিত হয়। বিশেষভাবে শিশু সকলৰ ঋণাত্মক প্ৰভাৱৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নীতিৰ আধাৰত ধুবুৰী জিলা প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ৷
 
 
জিলাখনৰ আশ্ৰয় শিবিৰবোৰত  শিশুসকলৰ বাবে  শিশু উপযোগী স্থান নিৰ্মাণ কৰি তেওঁলোকক বানৰ বিভীষিকাৰ মাজতো পঢ়া-শুনা, গীত-মাত, খেলা-ধূলাৰ মাজত ব্যস্ত ৰখাৰ পদক্ষেপ লোৱা শিশুসকলৰ লগতো মন্ত্ৰীজনে মতবিনিময় কৰে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।