বৰপেটাৰ ভেল্লাত বানপীড়িতৰ দুৰ্দশা, ব্যক্তিগত ধনেৰে বানাক্ৰান্তৰ মাজত দমকল আৰু সামগ্ৰী বিতৰণ বিভিন্নজনৰ

 06/22/2022 - 17:06
 
 
বৰপেটাঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটাৰ ভেল্লা অঞ্চলতো বানপানীয়ে সংহাৰি ৰূপ ধাৰণ কৰিছে। ফলত প্ৰায় ১০০ শতাংশ পৰিয়াল বানৰ কবলত পৰিছে। যাৰবাবে বিশুদ্ধ খোৱাপানী আৰু খাদ্য সামগ্ৰীৰ অভাৱত হাহাকাৰ অৱস্থা হৈছে বানাক্ৰান্ত সকলৰ। তেনে সময়তে চৰকাৰ-প্ৰশাসনলৈ বাট নাচায় ব্যক্তিগত ধনেৰে বানপীড়িত সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভেল্লাৰ একাংশ সুহৃদয়বান যুৱক তথা দল-সংগঠন। ভেল্লাৰ চি ভি ৰমন একাডেমীৰ পৰিচালক নেকিবুৰ ৰহমানৰ নেতৃত্বত আৰু ভেল্লা আঞ্চলিক যুৱক সমাজৰ সহযোগত ব্যক্তিগত ধনেৰে সোমবাৰে ভেল্লা অঞ্চলৰ বানপীড়িত সকলৰ মাজত দমকল, মম, ধূপকাঠি আৰু মেছ আদি বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। আনহাতে চ'ছাইটি ফৰ ব্ৰাইথ ফিউছাৰৰ তৰফৰ পৰাও এটি দমকল আৰু কিছু সামগ্ৰী বিতৰণ কৰাৰ উপৰিও মিঠুন আলী, ইয়ামিনুজ জামান, আব্বাচুজ জামানকে ধৰি ভেল্লাৰ কেবাজনো যুৱক দল-সংগঠনে ব্যক্তিগতভাবে বিভিন্ন প্ৰকাৰে সহায় কৰে বানাক্ৰান্ত সকলক।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।