06/23/2022 - 15:34
in
শালবাৰীঃ বাক্সাৰ শালবাৰীৰ ভিন্ন প্ৰান্তত বানপানীত বিধ্বস্ত হোৱা পৰিয়ালক সাহায্যৰ নামত ভেকোভাওনা চৰকাৰৰ এই অভিযোগ বিপিএফ কৰ্মীসকলৰ৷ বিভিন্ন অভিযোগ উত্থাপন কৰে সংবাদ মেল যোগে বিপিএফ কৰ্মীসকলে৷ কিঞ্চিৎ পৰিমাণে সাহায্য কৰিছে চৰকাৰে৷ বানপানীত বিধ্বস্ত হোৱা পৰিয়ালে নিজৰ ঘৰবাৰী এৰি ওখ ঠাইত আশ্ৰয় লৈছিল কিন্তু চৰকাৰে ১ কেজি চাউল, ২০০গ্ৰাম দাইল, ১০ গ্ৰাম মিঠাতেল দি কৰ্তব্য সামৰণি মাৰে৷ বান বিধ্বস্ত হোৱা পৰিয়ালে আশ্ৰয় শিবিৰত খোৱাৰ বাবে নাই বিশুদ্ধ পানী নাই দমকল৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছিল দুহাতেৰে ধালি দিয়া কিন্তু এক আঙুলিৰে নে আহিল সাহায্য৷