06/24/2022 - 19:48
in
নগৰবেৰাঃ বানপীড়িত ৰাইজক চিকিৎসা প্ৰদানৰ বাবে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্য কেন্দ্ৰটোৰ সকলো বিভাগৰে স্বাস্থ্যকৰ্মীক লৈ বাঘবৰৰ পূব মাজৰচৰত এখনি যন্ত্ৰ চালিত নাৱেৰে গৈ ঘৰে ঘৰে চিকিৎসা প্ৰদানৰ বাবে উপস্থিত হয়। বান বিভীষিকাময় পৰিস্থিতিত ক'ক-বকাই থকা বন্যাৰ্তৰ যাতায়ত সুবিধা নথকাত এই পদক্ষেপ হাতত লৈছে আলোপতি চৰ ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সেৱকসকল। এনে এক পদক্ষেপৰ দ্বাৰা ৰাইজে উপকৃত হোৱাৰ কথা সদৰি চিকিৎসকসকলে লগতে বন্যাৰ্ত গয়াই সন্তুষ্টি প্ৰকাশ কৰে।