ধুবুৰীত ১০ লাখ টকাৰ চোৰাং কাঠ জব্দ

 03/14/2019 - 19:11

ধুবুৰীঃ চোৰাং কাঠ ব্যৱসায়ে ধুবুৰীত মাৰাত্মক ৰূপ ধাৰণ কৰিছে। ধুবুৰী জিলাৰ কাষৰীয়া বিটিএডিৰ কোকৰাঝাৰৰ বিভিন্ন বনাঞ্চলৰ পৰা এচাম চোৰাং কাঠৰ বেপাৰীয়ে বহুমূলীয়া গছ-গছনি কাটি তহিলং কৰাৰ লগতে মূল্যৱান কাঠ আদি চোৰাংভাৱে ধুবুৰী জিলাৰ পৰা বিভিন্ন জিলাৰ কেতবােৰ অঞ্চললৈ আনি ৰমৰমীয়া ব্যৱসায় কৰাৰ অভিযােগ দীর্ঘদিনীয়া।

ধুবুৰী জিলাৰ একাংশ গাঁও অঞ্চলত অবৈধ কাঠমিল গঢ়ি উঠাটোত সচেতন ৰাইজে কৰিছে উদ্বেগ প্রকাশ। এই সন্দৰ্ভত অসম চৰকাৰে বর্তমান এই অবৈধ কাঠমিলবােৰ উৎখাত কৰাৰ বাবে বন বিভাগক কঠোৰ নির্দেশ দিছে।

ফলস্বৰূপে ধুবুৰী বন বিভাগে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত চলাইছে অভিযান। কিন্তু বন বিভাগ ইমান দিনে এই চোৰাং কাঠ, অবৈধ কাঠমিল বন্ধ কৰাৰ ক্ষেত্ৰত কিয় মৌন হৈ আছিল সেয়া ৰহস্যৰ বিষয়।

ধুবুৰী বন বিভাগৰ একাংশ বন কর্মচাৰীৰ অৱহেলা আৰু সূক্ষ্ম কর্ম তাগিদাৰ অভাৱত সময়ে সময়ে চোৰাং কাঠৰ বেপাৰীসকলে জিলাখনত ৰমৰমীয়া কাঠৰ ব্যৱসায় চলাই গৈছিল।

ধুবুৰী বন বিভাগে যােৱা দুদিন ধৰি অভিযান চলাই গৌৰীপুৰ আৰু চাপৰ পুলিচ থানাৰ অন্তৰ্গত এলেকাৰ পৰা বৃহৎসংখ্যক চোৰাং কাঠ জব্দ কৰাৰ লগতে দুটাকৈ অবৈধ চোৰাং কাঠমিল জব্দ কৰিছে।

ইয়াৰ পূর্বে ধুবুৰী বন বিভাগে চাপৰৰ ফলিমাৰী-ধীৰবিল গাঁৱৰ দুটা স্থানত অভিযান চলাই মূল্যৱান শাল আৰু গমাৰি কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হােৱা উক্ত কাঠৰ মূল্য পাঁচ লাখ টকা। অৱশ্যে বন বিভাগৰ দলটোৱে উক্ত অভিযান কালত চোৰাং কাৰবাৰীৰ দলটোক কৰায়ত্ত কৰাত ব্যর্থ হয়।

যােৱা এটা সপ্তাহ ধুবুৰী বন বিভাগে ধুবুৰী জিলাৰ তিনিটা স্থানত অভিযান চলাই দহ লাখৰাে বেছি টকা মূল্যৰ চোৰাং কাঠ উদ্ধাৰ কৰিছে। ধুবুৰী বন বিভাগৰ গৌৰীপুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত দাৰচৌকা অঞ্চলত অভিযান চলাই প্রায় চাৰি লাখ টকা মূল্যৰ কাঠ বাজেয়াপ্ত কৰাৰ লগতে এটি চোৰাং কাঠমিল উৎখাত কৰে।

জব্দ হােৱা এই বৃহৎসংখ্যক কাঠ বিটিএডিৰ কোকৰাঝাৰৰ মহামায়া বনাঞ্চলৰ বুলি জানিব পৰা গৈছে। গৌৰীপুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত শিলাইৰপাৰ, দাৰচৌকাকে ধৰি কাষৰীয়া কেইবাটাও অঞ্চলত অবৈধ চোৰাং কাঠমিল এতিয়াও চলি আছে। উক্ত চোৰাং কাঠমিলবােৰ শীঘ্রে বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

অভিযােগ মতে, মহামায়া বনাঞ্চলৰ পৰা জধে-মধে বহুমূলীয়া গছ-গছনি কাটি চোৰাং কাঠ বেপাৰীসকলে টিপকাই, শিলাই আদি নৈৰে গছৰ কুণ্ডাবােৰ উক্ত গাঁওবােৰলৈ আনে। তদুপৰি জিলাখনৰ একাংশ ঠাইত এতিয়াও বহুতাে অবৈধ কাঠমিল চলি আছে। এই অবৈধ কাঠমিলবােৰত দৈনিক বহু মূল্যৱান কাঠ ফালি থকা হৈছে।

এইক্ষেত্ৰত ধুবুৰী বন বিভাগে শীঘ্রে জিলাখনৰ বিভিন্ন প্রান্তত অবৈধভাৱে গঢ়ি উঠা অবৈধ কাঠফলা মিলবােৰ উৎখাত কৰাৰ বাবে জিলাখনৰ পৰিৱেশপ্ৰেমী ৰাইজে ৰাজ্যৰ বনমন্ত্রীৰ ওচৰত দাবী জনাইছে।

বন বিভাগে এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।