কলেষ্ট্ৰলত আক্ৰান্ত নেকি আপুনি, কেনেদৰে পৰিত্ৰাণ পাব এই ৰোগৰ পৰা?

 06/25/2022 - 17:03

নিউজ ডেস্কঃ কলেষ্ট্ৰলে হাৰ্টএটেক, ষ্ট্ৰৌক হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে! সাৱধান হওক৷ এই ৫ বিধ খাদ্যই ক’মাব কলেষ্ট্ৰল৷ কলেষ্ট্ৰলৰ মাত্ৰা বেছি হ’লে হৃদৰোগ আৰু ৰক্ত সঞ্চালন বৃদ্ধি কৰে৷ আৰু হাৰ্টএটেক, ষ্ট্ৰৌকৰ আশংকাও বহুগুণে বৃদ্ধি পায়৷

গতিকে নিয়মিত এই ৫ বিধ খাদ্য খালে কমি যাব কলেষ্ট্ৰল৷ কলেষ্ট্ৰল হৈছে একপ্ৰকাৰৰ চৰ্বিযুক্ত, তেলজাতীয় ষ্টেৰইদ৷ কলেষ্ট্ৰলৰ মাত্ৰা বেছি থাকিলে দেহৰ কাৰণে ক্ষতিকাৰক৷ কলেষ্ট্ৰল কমাবলৈ এই ৫ বিধ খাদ্য খাব লাগিব৷

১,বাদাম- প্ৰতিদিনে এমুঠি বাদাম খালে আপোনাৰ তেজত থকা ক্ষতিকাৰক চৰ্বি বা ক’ম ঘনত্বৰ লিপিড(এলডিএল)ৰ মাত্ৰা ৫ শতাংশ পৰ্যন্ত ক’মাব পাৰি৷

২. ওটচ- প্ৰতিদিনে ব্ৰেকফাষ্টত ওটচ বা কৰ্ণফ্লেকচ খালে হ্ৰাস পাব কলেষ্টৰলৰ মাত্ৰা৷

৩.মটৰ গুটি- মটৰ গুটিত থাকে প্ৰচুৰ পৰিমাণে ফাইবাৰ৷ ফাইবাৰে পেটৰ ভোক ক’মাই ৰখাত সহায় কৰে৷

৪.সেউজীয়া বা সতেজ শাক-পাচলি- সেউজীয়া শাক-পাচলিৰ সৈতে বিভিন্নধৰণৰ ফল-মূল যেনে-আপেল,মধুৰীআম আদিয়ে পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে৷এনে ধৰণৰ ফল-মূলে তেজৰ এলডিএলৰ মাত্ৰা ১০ শতাংশলৈ হ্ৰাস কৰে৷

৫. তেলজাতীয় মাছ- সাগৰত থকা তেলযুক্ত মাছত থাকে ওমেগা থ্ৰী ফেটি এচিড৷যিয়ে তেজত থকা ক্ষতিকাৰক ট্ৰাইগ্লিসাৰাইডেৰ মাত্ৰা কমায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।