ভাৰতীয় জনতা পাৰ্টিৰ পাকে কেচাং জিলা সমিতিৰ উদ্যোগত আজি ক’লা দিৱস হিচাপে উদযাপন

 06/25/2022 - 20:17

 

জামুগুৰিহাটঃ ভাৰতীয় জনতা পাৰ্টিৰ পাকে কেচাং জিলা সমিতিৰ উদ্যোগত আজিৰ দিনটো কলা দিৱস হিচাপে উদযাপন কৰে। ১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে সমগ্ৰ ভাৰত বৰ্ষতে জৰুৰীকালিন অৱস্থাৰ ঘোষণা কৰি ভাৰতীয় সংবিধানৰক অবমাননা কৰিছিল। লগতে দেশৰ জনগণৰ মৌলিক অধিকাৰ হনন কৰি নিজৰ গাদীৰ সুৰক্ষাৰ বাবে একপক্ষীয় ভাবে ক্ষমতাৰ অপব্যৱহাৰৰে দেশত জৰুৰী অৱস্থা ঘোষণাৰ কৰি দেশখনত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তাহানিৰ শাসনাধিষ্ট ইন্দিৰা গান্ধী চৰকাৰৰ একনায়কত্ববাদ আজিও দেশবাসীৰ বাবে এক অভিশাপ স্বৰূপ। সেই কলা দিনটোক ভাৰতবাসীয়ে আজিও পাহৰিব পৰা নাই। তাৰে অংশ হিচাপে আজিৰ দিনটোক সমগ্ৰ ভাৰতবৰ্ষতে বিজেপিৰ উদ্যোগত উদযাপন কৰা হৈছে কলা দিৱস। সেই দৰে আজি অৰুণাচল প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ পাকে কেচাং জিলা সমিতিৰ উদ্যোগত জামুগুৰিহাটৰ সমীপৰ চিজুছাত আজিৰ দিনটোক কলা দিৱস হিচাপে উদযাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।