06/26/2022 - 13:26
in
টীয়কঃ ৰাজ্যত প্ৰলয়ংকাৰী বানে এফালৰ পৰা জনজীৱন তচনছ কৰি আহিছে। বানৰ কৱলত পৰা দিশহাৰা লোক সকলে আশ্ৰয় গ্ৰহণ কৰিছে শিবিৰত। চৰকাৰ প্ৰশাসন আৰু বিভিন্ন দল সংগঠনে বানাক্ৰান্ত সকলক পাৰ্যমানে বান সাহাৰ্য বিতৰণ কৰিছে। ইয়াৰ মাজতে টীয়কৰ যুৱ কৃষক ভাস্কৰে বানাক্ৰান্ত সকলক সামান্য সকাহ দিয়াৰ উদেশ্যৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি লৈ আগবঢ়াইছে ৫১(একাৱন্ন) হাজাৰ টকা। টীয়কৰ কলিয়াপানী আউনীআটি সত্ৰত ভাস্কৰে বিগত কেইবা বছৰো ভোট জলকীয়াৰ খেতি কৰি আহিছে। এই বছৰ জলকীয়া বিক্ৰী কৰি প্ৰায় চৈধ্য লাখ টকা উপাৰ্জন কৰিছে শিক্ষিত যুৱক জনে। জলকীয়া খেতিৰ লাভাংশৰে মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য পুঁজিলৈ সেইবাবে আগবঢ়াইছে এই ধন ৰাশি। ভোট জলকীয়া, নেমুটেঙা, কল আদিৰ লগত জড়িত এইজন যুৱক এই কৰ্মই এতিয়া সকলোৰে বাবে কঢ়িযাইছে আদৰ্শ৷