মাৰ্ঘেৰিটাঃ 'ড্ৰাগছ জীৱনৰ বাবে ভয়ংকৰ। ড্ৰাগছৰ পৰা আতঁৰি থাকক। আহক এখন ড্ৰাগছ মুক্ত সমাজ গঢ়ো। ' এনেবোৰ শ্ল'গানেৰে আজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা বৰগোলাই পৰ্যন্ত বাইক আৰু গাড়ী ৰেলিয়ে আজি দৃষ্টি আকৰ্ষণ কৰে মাৰ্ঘেৰিটাবাসী ৰাইজৰ।
সেৱা ফাউণ্ডেচেন উদ্যোগত তথা আছু তথা জাতীয় জনগোষ্ঠীয় কেইবাটাও সংগঠনৰ সহযোগত মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত প্ৰথমে ড্ৰাগছ সজাগতা সভা অনুষ্ঠিত কৰা হয়।
আছু'ৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ সভাপতি চিন্তু গগৈয়ে আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰমেন হাজৰিকা, মাৰ্ঘেৰিটা পাব্লিক হাই চেকেণ্ডৰি স্কুলৰ জ্যেষ্ঠ শিক্ষক লক্ষ্যধৰ সোণোৱাল আৰু সেৱা ফাউণ্ডেচেনৰ সম্পাদিকা ৰঞ্জু বৰুৱা চেতিয়া। অন্যহাত আজি সমগ্ৰ অনুষ্ঠানত শেহতীয়াকৈ সংঘবদ্ধ হোৱা Upper Assam Recovery Forumৰ সমূহ সদস্য সদস্যা সকল উপস্থিত থাকে। আজিৰ এই অনুষ্ঠান সফল কৰি তুলাৰ বাবে সকলোকে সংবাদমাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে সেৱা ফাউণ্ডেচেনৰ সভাপতি ত্ৰিদীপ চেতিয়াই।