ঢকুৱাখনাত ৫০টা প্ৰজাতিৰ থলুৱা আমৰ প্ৰদর্শনেৰে সম্পন্ন হ'ল আম মেলা-২০২২

 06/27/2022 - 15:27
 
 
ঢকুৱাখনাঃ বিভিন্ন গ্ৰামাঞ্চলত উপলব্ধ বিভিন্ন থলুৱা প্ৰজাতিৰ সু-স্বাদু আমৰ প্ৰদর্শনেৰে দেওবাৰে অনুষ্ঠিত তৃতীয় সংখ্যক আম মেলাত ঢকুৱাখনা আৰু ধেমাজিৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলত সহজলভ্য আৰু দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰায় ৫০ টা থলুৱা প্ৰজাতিৰ আমৰ প্ৰদর্শেনেৰে ঢকুৱাখনা নৰ্মাল স্কুল প্ৰাংগণত অনুষ্ঠিত হ'ল এই আম মেলা ২০২২। থলুৱা সম্পদ সংৰক্ষণ সমিতি অসমৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই আম মেলাত পুৱাই গছপুলি ৰোপণ, প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, বিপনিৰ দ্বাৰ উন্মোচন আদিৰে শুভাৰম্ভ হোৱাৰ পিছতে ”বহনক্ষম ভৱিষ্যতৰ বাবে থলুৱা জৈৱিক সম্পদ সমূহক জৈৱিক অৰ্থনীতিলৈ ৰূপান্তৰৰ প্ৰয়োজনীয়তা” শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয়। কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত যুটীয়া সঞ্চালক ডঃ হিতেন্দ্ৰ কুমাৰ দত্তই উদ্ধোধন কৰা এই মনোজ্ঞ কৰ্মশালা সঞ্চালনা কৰে লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ প্ৰবাল শইকীয়াই। কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ধেমাজি মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অন্ন জ্যোতি গগৈ, ড৹ উমানন্দ তামুলী আদি।উক্ত অনুষ্ঠানতে আন কেতবোৰ থলুৱা প্ৰজাতিৰ কঠাল, বিভিন্ন ধৰণৰ হেৰাই যাব ধৰা ফলমূল আৰু ঔষধি উদ্ভিদৰো প্ৰদৰ্শন কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।