পানীপুৰী খালে হয় কলেৰা!

 06/27/2022 - 18:51


ৰাজধানীত বন্ধ কৰা হৈছে পানীপুৰী৷যুৱপ্ৰজন্মৰ বাবে অতিকে প্ৰিয় পানীপুৰী এতিয়াৰে পৰা উপলব্ধ নহব ৰাজধানীত৷ নেপালৰ ৰাজধানী কাঠমাণ্ডুত চৰকাৰে বন্ধ কৰিছে পানীপুৰী বিক্ৰী৷ চৰকাৰী পক্ষৰ মন্তব্য পানীপুৰীৰ বাবে যি পানী ব্যৱহাৰ কৰা হয় এই পানীয়ে কলেৰা ব্যয়পাই৷  কলেৰা, বেক্টেৰীয়া পোৱা গৈছে পানীপুৰীৰ বাবে ব্যৱহৃত পানীত৷ আৰু সেইবাবে পানীপুৰী সম্পূৰ্ণৰূপে বন্ধ কৰি পেলোৱা হৈছে নেপালৰ ৰাজধানী কাঠমাণ্ডুত৷ পানীপুৰী বন্ধ হোৱা খবৰে এতিয়া পানীপুৰী খাই ভালপোৱা লোকসকলৰ মনলৈ দুখৰ বাৰ্তা কঢ়িয়াই আনিছে৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।